“মই কাৰ্যালয়ত উপ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰা প্ৰথম মহিলা, কিন্তু অন্তিমগৰাকী নহয়” : কমলা হেৰিছ

751f29ad 47cd 4791 9506 d4b6b846b53e KamalaHarris

আমেৰিকা  নিৰ্বাচনত প্ৰথম মহিলা উপ ৰাষ্ট্ৰপতি হিচাপে জয় লাভ কৰাৰ পিছত কমলা হেৰিছে শনিবাৰে বিজয়ী ভাষণত মহিলাসকলক উদ্দেশ্যি কয় যে, এয়াই শেষ নহয় । যদিও মই এই কাৰ্যালয়ত প্ৰথম মহিলা হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিম, এয়া ময়েই অন্তিমগৰাকী নহ’ম ।

হেৰিছে ব্যৱস্থিত বৰ্ণবাদৰ বিৰুদ্ধে যুঁজ দিয়াৰ প্ৰতিজ্ঞা কৰিছিল। বাইডেনৰ দৰে একতা সমন্বয়ত অধিক গুৰুত্ব দি হেৰিছে কয় এনে এজন ৰাষ্ট্ৰপতি নিৰ্বাচন কৰা হৈছে, যিয়ে আমাক সৰ্বশ্ৰেষ্ঠ ভাৱে প্ৰতিনিধিত্ব কৰিব ।

আনহাতে, হেৰিছে মাতৃ শ্যামলা গোপালনক স্মৰণ কৰি কয়, সম্ভৱত তেঁও এই মুহূৰ্তৰ কথা কল্পনাই কৰা নাছিল । কিন্তু তেওঁ ইমান গভীৰভাৱে আমেৰিকাক বিশ্বাস কৰিছিল যে, য’ত এনে এটা মুহূৰ্ত সম্ভৱ । সেয়ে মই তেঁওৰ বিষয়ে আৰু কৃষ্ণাংগ বৰ্ণ, এছিয়ান, বগা, লেটিনা আৰু নেটিভ আমেৰিকান মহিলাৰ প্ৰজন্মৰ বিষয়ে চিন্তা কৰিছোঁ ।

উল্লেখ্য যে, ভাৰতীয় বংশোদ্ভৱৰ প্ৰথম মহিলা উপৰাষ্ট্রপতি কমলা হেৰিছৰ মাতৃ ১৯ বছৰ বয়সতে ভাৰত এৰি আহিছিল আৰু ২০০৯ত মৃত্যু হৈছিল।

Exit mobile version