অভিনেতা অৰ্জুন ৰামপালৰ মুম্বাইস্থিত বাসগৃহত ড্ৰাগছৰ তদন্তকাৰী সংস্থা এনচিবিৰ দ্বাৰা তালাচী অভিযান

1586703333 Arjun Rampal Upcoming Movies 2020 2021 2022 List Release

বলিউডৰ অভিনেতা অৰ্জুন ৰামপালৰ মুম্বাইৰ গৃহত নিষিদ্ধ ড্ৰাগছৰ সন্দৰ্ভত এনচিবিৰ দ্বাৰা অভিযান চলোৱা হয় । অভিনেতাজনক এনচিবিয়ে বুধবাৰলৈ চমন জাৰি কৰে । ইয়াৰ উপৰিও ৪৭ বছৰীয়া অভিনেতাজনৰ ইলেকট্ৰিক গেজেটসমূহ জব্দ কৰি লয় ।

যোৱাকালি বলিউদৰ আগশাৰীৰ চলচিত্ৰ প্ৰযোজক ফিৰোজ নাডিয়াডৱালাৰ বাসগৃহত তালাচী চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰে আৰু নাডিয়াডৱালাৰ পত্নীক গ্ৰেপ্তাৰ কৰে । এনচিবিৰ সূত্ৰই জনোৱা মতে, বলিউডত নিষিদ্ধ ড্ৰাগছৰ অবাধ প্ৰচলনৰ সন্দৰ্ভত তদন্তকাৰী সংস্থাটোৱে চলোৱা অনুসন্ধানত পাঁচজন ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু ধৃত ড্ৰাগছ সৰবৰাহকাৰীয়ে প্ৰযোজক ফিৰোজৰ নাম লৈছিল।

সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পাছত বলিউডৰ ড্ৰাগছৰ সন্দৰ্ভত ইতিমধ্যে কে’বাজনো অভিনেতা অভিনেত্ৰীক সোধ পোচ কৰা হৈছিল । ফিৰোজে হেৰা ফেৰী, আৱাৰা পাগল দিৱানা, ৱেলকামৰ দৰে কে’বাখনো জনপ্ৰিয় হিন্দী ছবিৰ প্ৰযোজনা কৰিছিল। পূৰ্বে আয়কৰৰ গোচৰত ফিৰোজৰ তিনিমাহৰ কাৰাদণ্ড হৈছিল।

Exit mobile version