অৰ্ণৱ গোস্বামীৰ জামিন নাকচ কৰিলে বোম্বে উচ্চ ন্যায়ালয়ে

WhatsApp Image 2020 11 05 at 12.19.52 PM

ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীৰ জামিন নাকচ কৰিছে বোম্বে উচ্চ ন্যায়ালয়ে । ইয়াৰ পূৰ্বে আলিবাগ সত্ৰ আদালতে সাংবাদিক গৰাকীৰ জামিন নাকচ কৰি ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছিল ।বোম্বে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ এছ এছ সিন্ধে, ন্যায়াধীশ এম এছ কাৰ্ণিকৰ খণ্ড বিচাৰপীঠে সাংবাদিক গোস্বামীৰ অন্তৰৱৰ্তীকালীন জামিন আবেদন দীৰ্ঘ সময় শুনানি গ্ৰহণ কৰাৰ পিছত জামিন নাকচ কৰে।

ADVERTISEMENT

উল্লেখ্য যে যোৱা ৪ নৱেম্বৰত মুম্বাই আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ ৩০৬ ধাৰাৰ অধীনত আত্মহত্যাৰ বাবে প্ৰৰোচনা কৰাৰ অভিযোগত অৰ্ণৱ গোস্বামীক গ্ৰেপ্তাৰ কৰিছিল । আনহাতে ২০১৮ ৰ মে’ মাহত ৫৩ বছৰীয়া ইন্টেৰিয়’ৰ ডিজাইনাৰ অন্ভয় নাইক আৰু তেওঁৰ মাতৃ কুমুদ নাইকে আত্মহত্যা কৰিছিল । অন্ভয় নাইকে আত্মহত্যা কৰা টোকত অৰ্ণৱৰ লগতে আন দুজন লোকৰ নাম লিখি থৈ গৈছিল । তাৰ পৰিপ্ৰেক্ষিতত অৰ্ণৱ গোস্বামীক গ্ৰেপ্তাৰ কৰে মুম্বাইৰ আৰক্ষীয়ে ৷

Exit mobile version