বিটিচিত বড়ো-অবড়োৰ মাজত সংঘাত সৃষ্টি কৰা মূল মানুহ জনেই হিমন্ত বিশ্ব শৰ্মা: হাগ্ৰামা মহিলাৰী

Hagrama Mohilary 1

“বিটিচিত বড়ো-অবড়োৰ বিভাজন তথা সংঘাত সৃষ্টি কৰা মূল মানুহ জনেই হিমন্ত বিশ্ব শৰ্মা”, চিৰাঙত অনুষ্ঠিত এক জন সভাত এই বিস্ফোৰক মন্তব্য কৰে বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে ।

ADVERTISEMENT

মহিলাৰীয়ে লগতে কয় যে হিমন্তৰ মন্তব্যবোৰ সাম্প্ৰদায়িক । তেওঁৰ মতে বড়ো আৰু অবড়োৰ মাজত সংঘাতৰ সৃষ্টি হ’ব লাগে । বড়ো অবড়ো কৰাৰ ক্ষেত্ৰত তেওঁ হ’ল মূল মানুহ । ইউপিপিএল আৰু বিজেপিয়ে যিমানেই চেষ্টা নকৰক কিয় বিপিএফে একক সংখ্যাগৰিষ্ঠ লৈ বিটিচিৰ পৰিষদ গঠন কৰিমেই বুলি কয় হাগ্ৰামাই।

ইপিনে, সভাত মন্ত্ৰী চন্দন ব্ৰহ্মই মুকলি প্ৰত্যাহ্বান জনাই সতীৰ্থ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বিটিচিৰ বিৰুদ্ধে ষড়যন্ত্ৰ বন্ধ কৰিবলৈ আহ্বান জনায় কয় যে সহস্ত্ৰ বড়ো লোকৰ বলিদানৰ ফলত সৃষ্টি হোৱা বিটিচিৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰা কোনো লোককে সহজে এৰি দিয়া নহ’ব । মন্ত্ৰীগৰাকীয়ে হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰি কৰ’না কালত ভিটামিন চি খাবলৈ কয় ।

ইফালে বিটিচি নিৰ্বাচনত বিপিএফৰ টেঙা আম নাখাবলৈ কোৱা হিমন্তৰ বহু ৰূপ বুলিও কয় চন্দন ব্ৰহ্মই। চিৰাং জিলাৰ গয়বাৰীত বিটিচিৰ ১৩ নং চিৰাং পৰিষদীয় সমষ্টিৰ বিপিএফ দলৰ প্ৰাৰ্থী ছাইকং বসুমতাৰী( এনডিএফবিৰ প্ৰাক্তন সভাপতি বি ছাউৰাগ্ৰা)ৰ হৈ নিৰ্বাচনী প্ৰচাৰৰ বাবে অনুষ্ঠিত কৰা সভাত হাগ্ৰামা মহিলাৰীৰ লগতে মন্ত্ৰী চন্দন ব্ৰহ্ম, বিটিচিৰ প্ৰাক্তন উপ মুখ্য খাম্পা বৰগয়াৰী, মহিলা বিপিএফৰ সভানেত্ৰী সুপ্ৰিয়াৰাণী ব্ৰহ্মকে ধৰি কে’বাজনো নেতাই উপস্থিত থাকি ভাষণ দিয়ে ।

Exit mobile version