সংস্কাৰ নহ’ল ! এইবাৰ লোকসেৱাৰ চি ডি পি অ’ পৰীক্ষাত খেলিমেলি

unnamed

বহুচর্চিত অসম লােকসেৱা আয়ােগে অনুষ্ঠিত কৰা সমাজ কল্যাণ বিভাগৰ শিশু কল্যাণ প্রকল্প বিষয়া (চি ডি পি অ’) নিযুক্তি পৰীক্ষাৰ সমাজ সেৱাৰ প্রশ্নকাকতত পাঠ্যক্ৰমৰ বাহিৰৰ প্রশ্ন অহাৰ অভিযােগ কেন্দ্ৰ কৰি দেওবাৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । উল্লেখ্য যে লােকসেৱা আয়ােগৰ তত্ত্বাৱধানত চি ডি পি অ’ নিযুক্তিৰ বাবে দেওবাৰে নির্বাচিত পাঠ্যক্ৰমৰ ওপৰত পৰীক্ষা অনুষ্ঠিত হৈছিল ।

সেই অনুসৰি মহানগৰীৰ আৰ্য বিদ্যাপীঠ কলেজ কেন্দ্ৰত অনুষ্ঠিত হৈছিল নির্বাচিত সমাজ সেৱা বিভাগৰ পৰীক্ষা। কিন্তু পৰীক্ষার্থীসকলে প্রশ্নকাকত লাভ কৰাৰ পাছতে অবাক হৈ পৰে আৰু পাঠ্যক্ৰমৰ বাহিৰৰ প্রশ্ন অহাত নিৰীক্ষকক অভিযােগ দাখিল কৰে। পৰৱৰ্তী সময়ত পৰীক্ষা কেন্দ্ৰৰ পৰা পৰীক্ষাৰ্থীসকলে ওলাই আহি সমাজ সেৱা পাঠ্যক্ৰমৰ বিপৰীতে সমাজ তত্ত্ব পাঠ্যক্ৰমৰ এশ শতাংশ প্রশ্ন অহাৰ বিষয়ে সংবাদ মাধ্যমৰ আগত সদৰী কৰে।

আর্য বিদ্যাপীঠৰ মূলদ্বাৰৰ সমুখত তেওঁলােকে সংবাদ মাধ্যমৰ আগত অসম লােকসেৱা আয়ােগে এতিয়াও সংস্কাৰ লাভ নকৰা বুলি অভিযােগ তুলি পৰীক্ষার্থীসকলৰ কথা কেতিয়াও চিন্তা নকৰে বুলি ক্ষোভেৰে মন্তব্য কৰে। সমান্তৰালভাৱে একাংশ পৰীক্ষার্থীয়ে আয়ােগে সমাজ সেৱা আৰু সমাজ তত্ত্বৰ মাজৰ পাৰ্থক্য বুজি নােপােৱা বুলি উল্লেখ কৰি পৰীক্ষা বাতিলৰ দাবী তুলি পুনৰ অনুষ্ঠিত কৰাৰ লগতে সমগ্র বিষয়টো উচ্চ পর্যায়ৰ তদন্তৰ দাবী উত্থাপন কৰে ।

এই সময়ছােৱাত বহু কষ্টৰে ৰাজ্যৰ বিভিন্ন জিলাৰ পৰা শিক্ষার্থীসকলে আহি পৰীক্ষা দিয়াৰ কথা আৱেগেৰে প্ৰকাশ কৰি সংশ্লিষ্ট পক্ষৰ দায়িত্বজ্ঞানহীন কার্যৰ বাবেই বাৰে বাৰে পৰীক্ষার্থীসকলে দুর্ভোগ ভুগি অহা বুলি মন্তব্য কৰে । এটাও পৰীক্ষা খুত নথকাকৈ চৰকাৰে অনুষ্ঠিত কৰিবলৈ আজিলৈকে নােৱাৰিলে বুলি কটাক্ষ কৰে ।

উল্লেখ্য যে সমাজ কল্যাণ বিভাগৰ শিশু কল্যাণ প্রকল্প বিষয়া (চি ডি পি অ’) নিযুক্তি পৰীক্ষা পহিলা নৱেম্বৰত আৰু দেওবাৰে অনুষ্ঠিত হৈছিল । প্রথম দিন প্রথম পর্যায়ত ইংৰাজী, দ্বিতীয় পর্যায়ত সাধাৰণ জ্ঞানৰ পৰীক্ষা অনুষ্ঠিত হােৱাৰ পাছত দেওবাৰে নির্বাচিত পাঠ্যক্ৰমৰ পৰীক্ষা অনুষ্ঠিত হৈছিল । সেই অনুসৰি এই নির্বাচিত পৰীক্ষাত ১০ টাকৈ পাঠ্যক্রম সন্নিবিষ্ট কৰা হৈছিল আৰু তাৰ ভিতৰত আছিল সমাজ সেৱা বিষয়টো ।

কিন্তু এই সমাজে সেৱা পাঠ্যক্ৰমৰ প্রশ্নকাকতত ১০০ শতাংশ সামাজ তত্ত্ব পাঠ্যক্ৰমৰ প্রশ্ন অহাৰ অভিযােগ তুলিছে আর্য বিদ্যাপীঠ কেন্দ্ৰৰ পৰীক্ষার্থীসকলে। ইফালে, ঘটনাৰ সংক্ৰান্তত লােকসেৱা আয়ােগে এক পত্ৰৰ জৰিয়তে এই সমগ্র বিষয়টো চালিজাৰি চোৱা হ’ব বুলি প্ৰকাশ কৰিছে। এই সন্দৰ্ভত আয়ােগে শীঘ্ৰে আলােচনাত মিলিত হৈ পৰৱর্তী কার্যব্যৱস্থা সন্দৰ্ভত নির্দেশনা জাৰি কৰিব বুলিও উল্লেখ কৰিছে।

Exit mobile version