১১ বছৰ আগত কমলা হেৰিছৰ বিষয়ে কি কৈছিল বলিউদৰ অভিনেত্ৰীয়ে : পঢ়ক সবিশেষ

Untitled design1604898492086

‘এইগৰাকী মহিলা আমেৰিকাৰ ৰাষ্ট্ৰপতি হ’ব পাৰিব ।’ এই কথা বলিউদৰ অভিনেত্ৰী মল্লিকা শ্বেৰাৱটে ১১ বছৰ আগতে চেন ফ্ৰান্সিস্ক’ত কমলা হেৰিছৰ বিষয়ে কৈছিল । ২০০৯ৰ ২৩ জুনত এই সন্দৰ্ভত টুইট কৰিছিল মল্লিকাই । ১১ বছৰৰ পিছত যেন এই কথাই প্ৰতিফলিত হ’ল ।আজি কমলা হেৰিছ আমেৰিকাৰ উপ ৰাষ্ট্ৰপতি । হেৰিছে জয়ী হোৱাৰ কিছু সময় পিছতে মল্লিকাই ছ’চিয়েল মিডিয়াত এই কথা প্ৰকাশ কৰে।

সম্প্ৰতি মল্লিকা আৰু কমলা হেৰিছৰ এখন ফটো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে। ফটোখন মল্লিকাই কমলা হেৰিছৰ কাষত থকা দেখিবলৈ পোৱা গৈছে। এটা পাৰ্টিত উঠোৱা ফটোখন ২০০৯ৰ । মল্লিকাই কমলাৰ ওপৰত আধাৰিত এক ছবিত কমলাৰ চৰিত্ৰত অভিনয় কৰাৰ সময় পাইছিল ।

ছবিখনৰ নাম ‘পলিটিক্স অৱ লভ’ । ছবিখনত কমলাৰ চৰিত্ৰটি অভিনয় কৰিবলৈ চেন ফ্ৰান্সিস্ক গুচি আহে। ডেম’ক্ৰেটিক প্ৰচাৰকৰ ভূমিকাত অভিনয় কৰিছিল মল্লিকাই। সেই সময়তে চেন ফ্ৰান্সিস্কৰ এক পাৰ্টিত কমলাৰ সতে সাক্ষৎ হয় । ইয়াৰ পিছতে কমলা হেৰিছৰ বিষয়ে টুইটাৰত লিখিছিল মল্লিকাই আৰু আজি ১১ বছৰৰ পিছত যেন সেই প্ৰতিফলিত হ’ল ।

Exit mobile version