তিনি প্ৰাক্তন কটনিয়ানৰ মহৎ পদক্ষেপ

cotton college state university panbazar guwahati colleges tvmjozc

কৰ’না অতিমাৰীৰ সময়ত অৱলম্বন কৰা সামাজিক ব্যৱধান আৰু নিয়মৰ সীমাবদ্ধতাৰ মাজতো সমাজত কিছু ভাল কামো হৈ আছে৷ তেনে এটা কাম হ’ল তিনি গৰাকী প্ৰাক্তন কটনিয়ানে ২২-ছেপ্টেম্বৰৰ পৰা অনলাইন যোগে আৰম্ভ কৰা কটন কলেজৰ প্ৰাক্তন শিক্ষাগুৰুসকলৰ লগত অন্তৰঙ্গ আলাপ অনুষ্ঠান৷ ইয়াৰ আয়োজক সকল হ’ল ক্ৰমে বৰ্তমান অসম আৰক্ষী অনাতাঁৰ সংগঠনৰ (এ পি আৰ অ ) আৰক্ষী অধীক্ষক চিত্তৰঞ্জন ওজা, কটন বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ অধ্যাপক ড° অভিজিৎ বৰঠাকুৰ, অধ্যাপক, ভূগোল বিজ্ঞান বিভাগৰ আৰু ড° বৰ্ণালী গগৈ ৷

আনহাতে এই অনুষ্ঠানৰ ২২ ছেপ্টেম্বৰত অতিথি আছিল অসমৰ প্ৰসিদ্ধ শিক্ষাবিদ, গণিতজ্ঞ ড° তাৰকেশ্বৰ চৌধুৰী৷ ড° চৌধুৰীয়ে অষ্টম, নৱম আৰু দশম শ্ৰেনীৰ গণিত বিভাগৰ কেবাখনো কিতাপ লিখিছিল ৷ ইপিনে বিদেশত থকা বহু কেইজন প্ৰাক্তন ছাত্ৰ-ছাত্ৰীয়েও এই অনুষ্ঠান উপভোগ কৰে৷ ১১ অক্টোবৰত অনুষ্ঠিত অন্তৰঙ্গ আলাপ অনুষ্ঠানৰ আনজন অতিথি আছিল অধ্যাপক প্ৰিয়লাল পাঠক৷ তেওঁ ক্ৰিকেটৰ অফিচিয়েল স্ক’ৰাৰ হিচাপে সকলোৰে পৰিচিত আছিল৷

৮৬ বছৰ বয়সতো এতিয়াও প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ লগত ৰসালভাৱে মত বিনিময় কৰে অধ্যাপক প্ৰিয়লাল পাঠকে। এই অনুষ্ঠানৰ ১৩ দিন পিছতে তেওঁৰ হৃদ ৰোগত আক্ৰান্ত হৈ পৰলোকপ্ৰাপ্তি ঘটে৷ উল্লেখ্য যে পহিলা নৱেম্বৰত অনুষ্ঠিত অনুষ্ঠানৰ তৃতীয় অতিথি আছিল অধ্যাপিকা মিনতি বৰঠাকুৰ৷

১৯৯৪ চনত তেওঁৰ শৰীৰত ধৰা পৰা কৰ্কট ৰোগক নিজৰ মনোবল আৰু প্ৰাণায়ামৰ দ্বাৰা জয় কৰি বিশ্বৰ হেজাৰ হেজাৰ কৰ্কট ৰোগীক সহায়ৰ হাত আগবঢ়ায়৷ আনহাতে অহা ২২ নবেম্বৰত হ’বলগীয়া অন্তৰঙ্গ আলাপৰ পৰৱৰ্তী অনুষ্ঠানৰ অতিথি হ’ল ভাষাবিদ, গৱেষক, সাহিত্যাচাৰ্য্য ড° ৰমেশ পাঠক৷ ইয়াৰ পিছৰ ছয় ডিচেম্বৰত অতিথি হ’ব ভাৰতবৰ্ষৰ ভিতৰতে প্ৰখ্যাত বৈজ্ঞানিক, ৯০ বছৰ গৰকা কটন কলেজৰ অৱসৰ প্ৰাপ্ত অধ্যক্ষ ড° কমলেন্দু দেৱ ক্ৰোৰী ।

ইফালে অন্তৰঙ্গ আলাপ অনুষ্ঠানৰ দ্বাৰা সমাজৰ বৰ্তমানৰ ছাত্ৰ-ছাত্ৰী সকল বিশেষভাবে উপকৃত হৈছে বুলি আয়োজক চিত্তৰঞ্জন ওজাই জানিবলৈ দিছে ।

Exit mobile version