পোহৰৰ উৎসৱ দীপাৱলীলৈ মাজত মাত্ৰ দুটা দিন

52417068 ff8d 46ab 8f28 bed1f00a5f48

পোহৰৰ উৎসৱ দিপাৱলীলৈ মাজত আৰু মাত্ৰ দুটা দিন বাকী৷ এনে এক সময়তেই ৰাজ্যৰ ভিন্ন প্ৰান্তৰ দৰে বাক্সা জিলাৰ হীড়া সম্প্ৰদায়ৰ বোৱাৰী জীয়ৰী মাটিৰ চাকি নিৰ্মাণ কৰাত দিনে নিশাই ব্যস্ত হৈ পৰিছে৷ দিপাৱলী বা দিপান্বিতাৰ আগমনৰ লগে লগে সকলোৰে মন আলোকিত হৈ পৰাৰ সমান্তৰালকৈ ব্যৱসায়ী সকলো ব্যস্ত হৈ পৰিছে বন্তি প্ৰজ্বলনৰ সামগ্রী যোগান ধৰাত।

এইফালে দেশৰ প্ৰধান মন্ত্রী নৰেন্দ্ৰ মোদীয়ে মৃৎশিল্পীসকলক গুৰুত্ব দিয়ালৈ সঁহাৰি জনাই মৃৎশিল্পী সকলেও দিপাৱলীত মাটিৰ চাকি যোগান ধৰাৰ উদ্দেশ্যেৰে মাটিৰ চাকি নিৰ্মাণ কাৰ্যত বিভোৰ হৈ পৰিছে। একেদৰে বাক্সা জিলাৰ শালবাৰীৰ চৰ্ণা হীড়া চুবাৰ কুঞ্জলতা হীড়াৰ পৰিয়ালটিও ব্যস্ত হৈ পৰিছে মাটিৰ চাকি নিৰ্মাণ কাৰ্যত।

পূৰ্বৰে পৰা দিপাৱলীৰ সময়ত মাটিৰ চাকি চ’ক-বজাৰৰ উপৰি ঘৰে ঘৰে বিক্ৰী কৰি লাভাম্বিত হৈ আহিছে পৰিয়ালটি৷ মৃৎশিল্পীসকলে চাকিৰ লগতে অন্যান্য মাটিৰ বাচন বৰ্তন নিৰ্মাণ কৰি সেইবোৰ চ’ক বজাৰত বিক্ৰী কৰি নিজৰ পৰিয়ালটো পোহ পাল দি অহাৰ লগতে ল’ৰা ছোৱালীক পঢ়া শুনা কৰোৱাই আহিছে।

একেদৰে একে গাঁৱৰে অনিমা হীড়ায়ো দেৱালী আগমনৰ লগে লগে মাটিৰ চাকি নিৰ্মাণ কাৰ্যত জড়িত হৈ পৰিছে ৷ কাৰণ বছৰৰ এই উৎসৱৰ সময়ত মাটিৰ চাকিৰ বজাৰ অতিকৈ ভাল হৈ পৰাৰ বাবে যথেষ্ট লাভৱান হৈ আহিবলৈ সক্ষম হৈছে৷সেয়ে বিগত বৰ্ষৰ দৰে এইবাৰো অনিমা হীড়াই মাটিৰ চাকি নিৰ্মাণ কাৰ্যত জড়িত হৈ পৰিছে ৷

স্মৰ্তব্য যে বাক্সা জিলাৰ শালবাৰীৰ চৰ্ণাৰ হীড়া সম্প্ৰদায়ৰ লোকসকলে গুৱাহাটী দিপৰ বিলৰ পৰা এই মাটি যোগান গ্ৰহণ কৰি মাটিৰ চাকি নিৰ্মাণ কৰি আহিছে ৷ এনেদৰে পৰিয়ালৰ পুৰুষসকলে আন কাম কৰাৰ লগতে পৰিয়ালৰ মহিলাসকলে এই মৃৎশিল্পীৰে মাটিৰ সামগ্রী তৈয়াৰ কৰি যথেষ্ট লাভৱান হ’বলৈ সক্ষম হৈ আহিছে।

Exit mobile version