বঙাইগাঁৱত তেল ডিপোত সংঘটিত ডকাইতিকাণ্ড

WhatsApp Image 2020 11 11 at 3.20.42 PM

আজি পুৱা ৪.৩০ ত বঙাইগাঁৱৰ তেল ডিপোত চাঞ্চল্যকৰ ডকাইতি কাণ্ড সংঘটিত হয়। জিলাখনৰ চাপৰাকাটাস্থিত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা ইণ্ডিয়ান অইলৰ বৰ্মন অ’টো ছাৰ্ভিচ ষ্টেচনত সংঘটিত হয় এই ডকাইতি কাণ্ডটো । পুৱা সামগ্ৰী কঢ়িওৱা ব’লেৰো পিক আপ ভেন এখন আহি তেল ডিপোখনত তেল ভৰাবলৈ সোমায় । ৫০০ টকাৰ তেল ভৰোৱাৰ পাছতে টকা বিচাৰি ডিপোখনৰ কৰ্মচাৰী নিকুঞ্জয় বৰ্মনক গাড়ী খনত অহা কেবাজনীয়া ডকাইতৰ দলে বগৰাই ধৰে তাৰ পাছতে বল-পূৰ্বক বৰ্মনক গাড়ীখনত উঠাই লৈ যায় ।

প্ৰায় এক কিলোমিটাৰ যোৱাৰ পাছত তেওঁৰ লগত থকা টকাৰ মোনাখন কাঢ়ি লয় আৰু মাৰধৰ কৰি লোকজনক এৰি থৈ যায়। আনহাতে মোনাখনত ৪৭ হেজাৰতকৈ অধিক টকা আছিল বুলি জনায় ডিপোখনৰ কৰ্মচাৰী নিকুঞ্জয় বৰ্মনে। ইতিমধ্যে এই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।

উল্লেখ্য যে ডকাইতি সংঘটিত হোৱা তেল ডিপোখন চিৰাঙৰ শিমলাগুৰীৰ বাসিন্দা অৰ্জন বৰ্মন বুলি জানিব পৰা গৈছে৷তলাবন্ধৰ পাছতে চাৰিওফালে কৰ্মহীন লোকসকলে অপৰাধমূলক কামত অভ্যস্ত হৈ পৰিছে৷ আৰু তেওঁলোকে বাধ্যত পৰি অপৰাধমূলক কাম সংঘটিত কৰিবলৈ লৈছে ৷এই সন্দৰ্ভত আৰক্ষীয়ে কি ব্যৱস্থা ল’ব সেয়া হ’ব লক্ষ্যণীয় ৷

Exit mobile version