মুখা শিল্পক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ প্ৰয়াস নগঞা এগৰাকী শিল্পীৰ

a5b0fb09 25bc 411e 8302 d2bf90042b32

নগাঁও জিলাৰ হাতীচোঙৰ ব্ৰাহ্মণগাঁৱৰ মুখা শিল্পী অজিত বৰাৰ ব্যতিক্ৰমী পদক্ষেপে সম্প্ৰতি এতিয়া চৰ্চা লাভ কৰিছে ৷ মুখা শিল্পক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যে মুখা শিল্প নিৰ্মাণ কৰাৰ লগতে অঞ্চলৰ শিশুসকলকলৈ মুখা শিল্পৰ প্ৰশিক্ষণ দিয়াত ব্যস্ত হৈ পৰিছে অজিত বৰা ।

আনহাতে অজিত বৰা পেচাত এগৰাকী শিক্ষক ৷ শিক্ষকতাৰ বৃত্তিৰ সমান্তৰালকৈ বৰা আজৰি সময়ত ভাস্কৰ্য শিল্পৰ লগতে মুখা শিল্পৰ নিৰ্মাণত ব্ৰতী হৈ পৰিছে । যি কৰ্মৰ জড়িয়তে ইতিমধ্যে তেওঁ হাতীচোং অঞ্চলৰ লগতে সমগ্ৰ নগাঁও জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে। শিল্পী গৰাকীয়ে নিজ গৃহতে এখন শিল্পআশ্ৰম প্ৰতিষ্ঠা কৰি মুখা শিল্প আৰু ভাস্কৰ্য শিল্পকে ধৰি বিভিন্ন ধৰণৰ সত্ৰীয়া সংস্কৃতিৰ ওপৰত শিশু সকলক প্ৰশিক্ষণ দি আহিছে।

উল্লেখযোগ্য যে, যি সময়ত সত্ৰীয়া সংস্কৃতিৰ এক অন্যতম সংযোজন গুৰুজনাৰ সৃষ্টি মুখা শিল্প বিলুপ্তিৰ পথত গতি কৰিছে ঠিক সেই সময়তেই শিল্পী গৰাকীয়ে লোৱা এনে প্ৰচেষ্টাক সকলোৱে একেমুখে প্ৰশংসা কৰিছে।

Exit mobile version