ধৰ্ম আৰু সন্ত্ৰাসবাদৰ মাজত কোনো ধৰণৰ সংযোগ নাথাকিলেও ‘অল্লাহু আকবৰ’ ধ্বনি দিয়েই ৫০ জনৰো অধিক লোকৰ শিৰশ্ছেদ কৰিলে আই এছ আই এছৰ সন্ত্ৰাসবাদীয়ে । নৃশংস এই ঘটনাটো সংঘটিত হৈছে পূৱ আফ্ৰিকাৰ দেশ মোজাম্বিকৰ উত্তৰ প্ৰান্তৰ কাবো ডেলগাডো প্ৰদেশত ।
এই ঘটনাক তীব্ৰভাৱে নিন্দা কৰাৰ লগতে যটনাৰে জড়িত সন্ত্ৰাসবাদীক উপযুক্ত শাস্তি দিয়াৰ আশ্বাস প্ৰদান কৰিছে মোজাম্বিকৰ চৰকাৰে । সংবাদ মাধ্যমৰ উাতৰি অনুসৰি যোৱা শুকুৰবাৰে নিশা আই এছ আই এছৰ সন্ত্ৰাসবাদীয়ে কাবো ডেলগাডো প্ৰদেশৰ নাঞ্জাবা গাঁৱত আল্লাহু আকবৰ ধ্বনি দি প্ৰথমে নৃশংস সন্ত্ৰাস আৰম্ভ কৰে । সন্ত্ৰাসবাদীয়ে গাঁওবাসীক ঘৰৰ পৰা বাহিৰলৈ টানি অনাৰ লগতে একেধাৰে গুলি চলাই গৈছিল । এনে কিৰণত ঘটনাটোত মৃতকৰ সংখ্যা অধিকলৈ বৃদ্ধি পায় ।
গাঁওখনৰ পৰা বহু মহিলাক অপহৰণো কৰি লৈ যায় সন্ত্ৰাসবাদীসকলে । ইফালে, সন্ত্ৰাসবাদীৰ আন এটা দলে প্ৰদেশখনৰ মুয়াতিদ গাঁৱত আক্ৰমণ চলায় । গাঁওখনৰ উাসিন্দাসকলক ঘৰৰ পৰা টানি আনি এখন ফুটবল খেলপথাৰত গোট খোৱাই । বহুজনে পলায়নৰ চেষ্টা কৰিলেও অৱশ্যে শেষ ৰক্ষা নহ’ল । প্ৰদেশখনৰ দুয়োখন গাঁৱত সন্ত্ৰাসবাদীয়ে অৰ্ধশতকৰো অধিক লোকৰ শিৰশ্ছেদ কৰে ।
ইয়াৰ পাছতো কিন্তু সন্ত্ৰাসবাদীৰ নৃশংসতাৰ অন্ত নপৰিল । পৰৱৰ্তী দুটা দিনলৈ সন্ত্ৰাসবাদীয়ে মৃতদেহবিলাক টুকুৰা টুকুৰকৈ কাটি গাঁৱৰ চাৰিওদিশে নিক্ষেপ কৰে । মুয়াতিদ গাঁৱৰ পৰা বহু মহিলাক সন্ত্ৰাসবাদীয়ে অপহৰণ কৰি নিয়ে ।
২০১৭ৰ পাছত এইটো প্ৰদেশখনত সৰ্ববৃহৎ সন্ত্ৰাসমূলক কাৰ্য হিচাপে গণ্য কৰা হৈছে । তথ্য অনুসৰি আই এছ আই এছৰ পৰা গাঁওবাসীক সংগঠনটোত যোগদান কৰিবলৈ ভাবুকি দিয়া হৈছিল; কিন্তু কোনেও এই কথাত মান্তি নোহোৱাৰ পাছতে এই নৃশংস আক্ৰমণ চলোৱা হয় । ২০১৭ৰ পাছৰ পৰা দেশখনত দুহেজাৰতকৈও অধিক লোকৰ শিৰশ্ছেদ কৰা হৈছে । আই এছ আই এছৰ সন্ত্ৰাসত দেশখনৰ চাৰি লাখৰো অধিক লোকে ঘৰ এৰিবলৈকো বাধ্য হৈছে ।
