BJP ৰ ছ’চিয়েল মিডিয়া কৰ্মশালাত অংশগ্ৰহণ কৰা কৰ্মকৰ্তাসকলক সম্বোধন মুখ্যমন্ত্ৰী সোনোৱালৰ

assam is going through a difficult phase chief minister sarbananda sonowal

আজি বিজেপিৰ ছ’চিয়েল মিডিয়াৰ কৰ্মশালাত অংশ গ্ৰহণ কৰা কৰ্মকৰ্তাসকলক সম্বোধন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে।

সভাত মুখ্যমন্ত্ৰী সোনোৱালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক বিহাৰত পুনৰ NDA চৰকাৰ গঠনৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰে।

সোনোৱালৰ মন্তব্য বিহাৰ নিৰ্বাচনৰ ফলাফলে অসমৰ নিৰ্বাচনক উৎসাহিত কৰিছে ৷

প্ৰধানমন্ত্ৰীৰ মোদীৰ “সবকা সাথ সবকা বিকাশে”সকলোকে একত্ৰিত কৰিছে।

প্ৰধানমন্ত্ৰী মোদীয়ে কেনেকৈ দেশক উত্তৰণৰ দিশত আগবঢ়াই লৈ গৈছে সেই সন্দৰ্ভত ছ’চিয়েল মিডিয়াত কৰ্মৰত লোকসকলক পুংখানুপুংখভাৱে অধ্যয়ন কৰিবলৈ আহ্বান কৰে ৷

কংগ্ৰেছ আৰু বাওপন্থী দলসমূহক কটাক্ষ কৰি সোনোৱালে কয়”BJP ৰ পৃথক চিন্তাধাৰা আছে ।কিন্তু কংগ্ৰেছ আৰু বাওপন্থী দলসমূহৰ নাই ।”

জাতীয় স্বাৰ্থত বিজেপিৰ অৱদান অসীম। বিজেপিয়ে মৰণোত্তৰভাৱে ড° ভূপেন হাজৰিকাক “ভাৰত ৰত্ন”প্ৰদান কৰিছে ৷

কংগ্ৰেছৰ দিনত অসম চুক্তি অনুসৰি প্ৰতিষ্ঠা লাভ কৰা নুমলীগড় তেল শোধনাগাৰ মৃত্যু মুখী হৈছিল ।কিন্তু নৰেন্দ্ৰ মোদীৰ নেতৃত্বৰ নুমলীগড়ৰ তেল শোধনাগাৰ উৎপাদন ৩ নিযুত টনৰ পৰা ৯ নিযুত টনলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত ল’লে৷ইয়াৰ কাৰণে ৰাজ্য চৰকাৰে ২৩,০০০ কোটি টকা ব্যয় কৰিব ৷

উল্লেখযোগ্য যে বিজেপিৰ ছ’চিয়েল মিডিয়া এই কৰ্মশালাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ উপৰিও বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাস,নেডাৰ আহ্বায়ক তথা মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা,মংগলদৈৰ সাংসদ দিলীপ শইকীয়া ,ৰাজ্যিক সমিতিৰ উপ সভাপতি জয়ন্ত মল্ল বৰুৱা আদিৰ লগতে বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

Exit mobile version