চিৰাঙৰ বিলাসপুৰৰ অবৈধ চোৰাং তেলৰ ঘাটি উচ্ছেদ আৰক্ষীৰ

WhatsApp Image 2020 11 12 at 8.00.22 PM

চিৰাং জিলা আৰক্ষীৰ অভিযানত আজি আৰক্ষীয়ে জিলাখনৰ বিলাসপুৰৰ পৰা অবৈধ এটা চোৰাং তেলৰ ঘাটি উচ্ছেদ কৰিবলৈ সক্ষম হয় । জিলাখনৰ তেলচোৰ আৰু চোৰাং তেলৰ বেহাৰ বিৰুদ্ধে আৰক্ষীয়ে গোপন তথ্যৰ ভিত্তিত অভিযান চলোৱাৰ কথা জিলা আৰক্ষী অধীক্ষক সুধাকৰ সিঙে জানিবলৈ দিয়ে ।

জিলাখনৰ ঢালিগাঁও থানাৰ অন্তৰ্গত বিলাসপুৰ গাঁওত ৰাতিপুৱা ৮ বজাত চলোৱা অভিযানত পশ্চিম বিলাসপুৰৰ মতলেব আলীৰ ঘৰৰ পৰা এএচ ২৬চি৭১৭৬ নম্বৰৰ টাটা ডিআই গাড়ী জব্দ কৰে । তাৰ পিছতে আৰক্ষীয়ে অভিযান চলাই পেট্ৰলজাত তেল ভৰ্তি ১৩ টা প্লাষ্টিকৰ ড্ৰাম, ২ টা টিনৰ ড্ৰাম, প্ৰায় ৩ হেজাৰ লিটাৰ তেল, ৫ টা পেট্ৰলজাত সামগ্ৰী ভৰ্তি প্লাষ্টিক ড্ৰাম জব্দ কৰাৰ লগতে ১২ টা টিনৰ খালি ড্ৰাম আৰু ১৫ টা প্লাষ্টিকৰ খালি ড্ৰাম, ৫৬ টা সৰু প্লাষ্টিকৰ সৰু ড্ৰাম য’ত স্প্ৰিড নতুবা পেট্ৰল জাত তেল ভৰ্তি, পেট্ৰলজাত সামগ্ৰিত মিহলোৱা পাউডাৰ, এএচ১৯বি৪৫৫৮ নম্বৰৰ মাৰুতি গাড়ী, এএচ ১৯এইচ_২৭১৬ নম্বৰৰ বাজাজ পালছাৰ এটা আৰু চোৰাং তেলৰ কামত ব্যৱহৃত প্লাষ্টিকৰ পাইপ জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ।

এই সন্দৰ্ভত আৰক্ষীয়ে আইনগত ভাৱে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বুলিও জনায় । জিলাখনত তেল চুৰি আৰু চোৰাং তেলৰ ব্যৱসায় ৰোধৰ বাবে আৰক্ষীয়ে ধাৰাবাহিকভাৱে অভিযান অব্যাহত ৰখাৰ কথাও জানিবলৈ দিয়ে। উল্লেখ্য যে যোৱা দুমাহ পূৰ্বে পশ্চিম বিলাসপুৰ গাঁওত এটা অবৈধ চোৰাং তেলৰ ঘাটিত অগ্নিকাণ্ড সংঘটিত হৈ ভয়ংকৰ ৰূপ ধাৰণ কৰিছিল । বৰষুণৰ দিন হোৱা বাবে অগ্নিকাণ্ডত তেলৰ ড্ৰাম ফাটি তেল ওচৰৰ নিজৰাত বৈ পৰাত নিজৰাৰ পানীৰ ওপৰতো জুই জ্বলি উঠাত দুই-তিনিখন গাঁওত আতংকই বিৰাজ কৰিছিল ।

Exit mobile version