দেশৰ আৰ্থিক অৱস্থা সবল কৰিবৰ কাৰণে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনৰ আত্মনিৰ্ভৰ ভাৰত ৩.০ আৰম্ভ

finance minister nirmala sitharaman bloomberg 1200

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বৃহস্পতিবাৰে আৰ্থিক অৱস্থা সবল কৰিবৰ কাৰণে আৰ্থিক পেকেজ “আত্মনিৰ্ভৰ ভাৰত ৩.০ “শুভাৰম্ভ কৰে ৷ ইয়াৰ দ্বাৰা ক’ভিডসৃষ্ট পৰিবেশত নতুন নিযুক্তি আৰম্ভ হ’ব। লগতে EPF ত ৰেজিষ্টাৰ কোম্পানীত ১৫০০০ হাজাৰতকৈ সীমিত দৰমহা লাভ কৰা লোকসকলেও ইয়াৰ দ্বাৰা উপকৃত হ’ব পাৰিব ৷

আত্মনিৰ্ভৰ ভাৰত ৩.০ৰ আৰ্থিক পেকেজৰ দ্বাৰা লোকসকল লাভাম্বিত হ’ব অহা ১অক্টোবৰৰ পৰা ৷

বিত্তমন্ত্ৰীয়ে সীতাৰমনে কয়” প্ৰথম অৱস্থাত Emergency Credit Line Guarantee Scheme (ECLGS1.0)ক ২০২১ৰ ৩১ মাৰ্চলৈকে বৃদ্ধি কৰি দিছে ৷ এই আঁচনি যথেষ্ট সুৰক্ষিত ।

এই পেকেজৰ দ্বাৰা প্ৰধানমন্ত্ৰী আবাস যোজনাৰ অন্তৰ্গতত ১৮,০০০ কোটি টকা ব্যয় আৰু ১৮ লাখ বাসগৃহক সম্পূৰ্ণ কৰাৰ আঁচনি লৈছে ।

বিত্তমন্ত্ৰীয়ে কয় যে বিগত ১৫-১৬ দিনত আৰ্থিক ক্ষেত্ৰৰ উত্তৰণ হোৱাৰ বহু ইংগিত পোৱা গৈছে। আনহাতে ক’ভিড১৯ ত আক্ৰান্তৰ ক্ষেত্ৰতো বহু পৰিৱৰ্তন আহিছে ৷

কৰ’নাৰ মহামাৰীয়ে আৰ্থিক অৱস্থাক শোচনীয়ভাৱে ক্ৰিয়া কৰাৰ সময়তে চৰকাৰে বহু আঁচনি আৰম্ভ কৰিছে। যাতে বজাৰ ,উপভোক্তাৰ ওচৰত টকা থাকে আৰু আৰ্থিক অৱস্থাই নতুন গতি লাভ কৰে।

Exit mobile version