নিৰ্বাচনত পৰাজয় হোৱাৰ পাছত প্ৰথমবাৰলৈ ৰাজহুৱা স্থানত দেখা গ’ল ড’নাল্ড ট্ৰাম্পক

r4optsig donald trump afp

আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত পৰাজয় হোৱাৰ পাছত প্ৰথমবাৰৰ কাৰণে জনসাধাৰণৰ মাজত দেখা গ’ল আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক। আমেৰিকাত ১১নবেম্বৰত আমেৰিকাৰ ছহীদ সেনাসকলৰ শ্ৰদ্ধাঞ্জলী দিৱস হিচাপে ” Veterans Day” উদযাপন কৰা হয়।

সেই অনুসৰি ছহীদ সেনাসকলক শ্ৰদ্ধাঞ্জলী জনাবলৈ এক বিশেষ স্থানত উপস্থিত হয় ট্ৰাম্প ৷কিন্তু আমেৰিকাৰ ৰাষ্ট্ৰীয় একতা দিৱসৰ দৰে এই অনুষ্ঠানতো জ’ বাইডেনৰ বিৰুদ্ধে নিজৰ পৰাজয় স্বীকাৰ কৰা নাই ট্ৰাম্পে।

ৰাষ্ট্ৰপতি নিৰ্বাচনত পৰাজয় হোৱাৰ পাছত হুৱাইট হাউচৰ পৰা প্ৰথমবাৰৰ কাৰণে ৰাজহুৱা স্থানত দেখা গ’ল ট্ৰাম্পক। নিৰ্বাচনত পৰাজয় হোৱাৰ পাছত ট্ৰাম্পে দেশক কোনো ধৰণৰ সম্বোধন কৰা নাই যদিও এতিয়ালৈকে ট্ৰাম্পে নিৰ্বাচন সম্বন্ধীয় এটাৰ পাছত আনটো টুইট কৰি আছে।

ৰাষ্ট্ৰপতি নিৰ্বাচনত জ’ বাইডেন বক্ৰ পথেৰে জয়ী হোৱাৰ কথা ইতিমধ্যে ট্ৰাম্পে বাৰে বাৰে উল্লেখ কৰিছে ৷লগতে আদালতত ট্ৰাম্পে বাইডেনৰ বিৰুদ্ধে গোচৰ ৰজু কৰাৰ কথাও উল্লেখ কৰিছে যদিও বাইডেনৰ বিৰুদ্ধে ট্ৰাম্পৰ কোনো প্ৰমাণ নাই ।ইপিনে আমেৰিকাত কৰ’না ভাইৰাছে মহামাৰীৰ ৰূপ ধাৰণ কৰিছে ৷আমেৰিকাৰ বহু ৰাজ্যই শীতকালত কৰ’নাৰ প্ৰকোপ যাতে হ্ৰাস পাই তাৰ কাৰণে প্ৰতিবন্ধকতা আৰোপ কৰিছে ।তাৰ মাজতে আমেৰিকাত ৰাষ্ট্ৰপতি আসনৰ কাৰণে ট্ৰাম্পৰ যুঁজখন বাৰুকৈয়ে লক্ষ্যণীয় হৈ পৰিছে ৷

Exit mobile version