নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী ফণীভূষণে আধাৰশিলাৰ ৰাজনীতি কৰি আছে : শংকৰ প্ৰসাদ ৰায়

WhatsApp Image 2020 11 12 at 8.12.37 PM

বঙাইগাঁওত প্ৰেছ ক্লাৱত আজি অনুষ্ঠিত কৰা কংগ্ৰেছৰ সংবাদমেলত কংগ্ৰেছৰ জিলা সভাপতি শংকৰ প্ৰশাদ ৰায়ে মুখ্যমন্ত্ৰীৰ বঙাইগাঁও ভ্ৰমণ সন্দৰ্ভত অভিযোগ কৰি কয় যে ১৩ নৱেম্বৰত ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আধাৰশিলা স্থাপনৰ বাবে বঙাইগাঁওলৈ আহিব  ।

নিৰ্বাচনৰ আগে আগে আধাৰশিলাৰ স্থাপনেৰে চমক দিবলৈ মুখ্যমন্ত্ৰী বঙাইগাঁওলৈ আহিব বুলি দাবী কৰে শংকৰ প্ৰসাদ ৰায়ে । লগতে তেওঁ কয় যে পঞ্চায়ত নিৰ্বাচনৰ আগে আগে সৰ্বানন্দ সোণোৱাল বঙাইগাঁওলৈ ইঞ্জিনিয়াৰিং কলেজৰ আধাৰশিলা স্থাপনৰ বাবে আহিছিল ।

কিন্ত আজিলৈ ইঞ্জিনিয়াৰিং কলেজৰ একোৱেই নহ’ল । আনহাতে, মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ সন্দৰ্ভত তেওঁ কয় যে, তেওঁ এজন অকৰ্মণ্য মন্ত্ৰী । তেওঁ নিজৰ এলেকা গুচি যোৱাৰ পিছতো মাত নামাতে । তেওঁ কৰা প্ৰতিটো কাম আধৰুৱা হৈ আছে । এতিয়া মুখ্যমন্ত্ৰীয়েও তেনে কৰা পৰিলক্ষিত হৈছে । এইবাৰ পুনৰ বঙাইগাঁওত আধাৰশিলা স্থাপন কৰিবলৈ অহাটো যে নিৰ্বাচনী চমক সেয়া বঙাইগাঁওবাসীয়ে বুজিব পাৰিছে বুলি কয় শংকৰ প্ৰসাদ ৰায়ে ।

Exit mobile version