প্ৰদূষণমুক্ত দীপাৱলী উদযাপন কৰা বিজ্ঞাপন প্ৰস্তত কৰি পুনৰ ৰোষত পৰিল টানিস্ক

WhatsApp Image 2020 11 12 at 2.52.14 PM

উৎসৱৰ বতৰত পুনৰ ৰোষত পৰিছে অলংকাৰ প্ৰস্তুকাৰী কোম্পানী টানিস্ক ৷ এইবাৰ প্ৰদূষণমুক্ত দেৱালী উদযাপন কৰাৰ সন্দৰ্ভত বিজ্ঞাপন প্ৰস্তুত কৰি পুনৰ সমালোচনাৰ সন্মুখীন হৈছে টানিস্ক। টানিস্কৰ বিজ্ঞাপনৰ সন্দৰ্ভত একাংশৰ মন্তব্য ” বিজ্ঞাপনটোৱে ধৰ্মীয় ভাবত আঘাত কৰিছে। ” ইপিনে ইয়াৰ পূৰ্বে টানিস্কে হিন্দু মুছলিমৰ একতাৰ সন্দৰ্ভত বিজ্ঞাপন প্ৰস্তুত কৰি “লভ জেহাদ”ক উদগনি দিয়াৰো অভিযোগ কৰিছিল ।

আনহাতে টানিস্কে প্ৰদূষণমুক্ত দেৱালী উদযাপন কৰিবলৈ জনসাধাৰণক উদগনি দিয়াৰ সন্দৰ্ভত বিজ্ঞাপন প্ৰস্তুত কৰিছিল। বিজ্ঞাপনটোত অভিনেত্ৰী নীনা গুপ্তা,নিমৰত কৌৰ,চায়ানি গুপ্তা আৰু আল্যা এফ কেক দেখা গৈছে ।

এই চাৰিগৰাকী অভিনেত্ৰীয়েই কোনো ধৰণৰ প্ৰদূষণ নোহোৱাকৈ দেৱালী উদযাপন কৰিবলৈ আহ্বান কৰিছে।লগতে তেওঁলোকে নিজেও কোনো ধৰণৰ আতচবাজী নোহোৱাকৈ মৰম আৰু সম্প্ৰীতিৰে দেৱালী উদযাপন কৰাৰ কথা বিজ্ঞাপনটোত প্ৰকাশ কৰিছে ।

সম্প্ৰতি বিজ্ঞাপনটোত হিন্দু সংস্কৃতিক বিনাশ কৰিছে বুলি অভিযোগ কৰিছে একাংশ লোকে।আৰু বিজ্ঞাপনটো বৰ্জন কৰাৰ দাবী উত্থাপন হৈছে ৷আনহাতে টানিস্কৰ এই বিজ্ঞাপন কৰা অভিনেত্ৰীসকলকো তীক্ষ্ণ বাক্যবাণেৰে সমালোচনা কৰিছে একাংশ লোকে ৷

Exit mobile version