বিহাৰ নিৰ্বাচনৰ ফলাফলৰ পাছত জনসাধাৰণক ধন্যবাদ তেজস্বী যাদৱৰ

tejashwi 909148 1604060162

বিহাৰ বিধানসভা নিৰ্বাচনত পৰাজয় বৰণ কৰিও জনগনৰ মনত বিশেষ আসন দখল কৰিবলৈ সক্ষম হ’ল ৰাষ্ট্ৰীয় জনতা দলৰ নেতা তেজস্বী যাদৱ। আজি সংবাদমাধ্যমৰ সন্মুখত তেজস্বীয়ে কয় “মুখ্যমন্ত্ৰী যিকোনো দলৰ হ’লে জনতাৰ আস্থা প্ৰস্তাত তেওঁৰ ওপৰতে আছে ৷”

তেজস্বীয়ে মহাজোঁটবন্ধনক ভোটদান কৰাৰ কাৰণে বিহাৰবাসীক ধন্যবাদ জ্ঞাপন কৰে। লগতে তেওঁ কয় “জনতাই মিত্ৰজোঁটৰ পক্ষ লৈছে। কিন্তু নিৰ্বাচন আয়োগৰ সিদ্ধান্ত আছিল এনডিএৰ পক্ষত। অৱশ্যে এইয়া প্ৰথমবাৰৰ কাৰণে সংঘটিত হোৱা ঘটনা নহয়। ২০১৫ টো এনেধৰণৰ ঘটনাই সংঘটিত হৈছিল ।

নিৰ্বাচনক গণতন্ত্ৰ ৰক্ষা কৰাৰ একমাত্ৰ আহিলা বুলি সদৰী কৰি যাদৱে প’ষ্টেল ভোটৰ দ্বাৰা কৰা কৰা ভোটসমূহৰ সঠিক গণনা নকৰাৰ সন্দৰ্ভত মন্তব্য কৰে ৷লগতে RJD নেতাজনৰ মতে এই ভোটসমূহৰ সঠিক গণনা হোৱা নাই ।ইয়াত পুনৰ গণনা কৰাটো প্ৰয়োজন।

আনহাতে তেজস্বীয়ে কয় “নীতিশ কুমাৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিলে বিহাৰবাসীৰ হৃদয়ত সদায তেজস্বীয়ে থাকিব বুলি মন্তব্য কৰে।

Exit mobile version