যোৰাবাটত বন বিভাগৰ অভিযান

WhatsApp Image 2020 11 12 at 6.08.24 PM

গুৱাহাটী মহানগৰীৰ অন্যতম দুৱাৰমুখ স্বৰূপ যোৰাবাটত আজি পুৱা বন বিভাগৰ দলে গোপন সূত্ৰৰ পম খেদি মেঘালয়ৰ পৰা গুৱাহাটীলৈ জি এছ ৰোডেৰে অনা অৱস্থাত এখন নাম্বাৰপ্লেট বিহীন ১১০৯ মডেলৰ ট্ৰাকত প্ৰায় ছয় ঘনমিটাৰ পৰিমাণৰ নথি পত্ৰ বিহীন শাল কাঠ জব্দ কৰে ।

ADVERTISEMENT

জব্দ কৰা কাঠখিনিৰ বজাৰ মূল্য প্ৰায় তিনি লাখ টকা । আনহাতে ট্ৰাকৰ স’তে গণেশ শৰ্মা নামৰ চালক জনক আটক কৰা হৈছে । বন বিভাগৰ সূত্ৰই সদৰী কৰা অনুসৰি মেঘালয়ৰ পৰা গুৱাহাটীলৈ চোৰাংকৈ কাঠ আহিব বুলি গোপন সূত্ৰে জানিব পাৰি বন বিভাগৰ গুৱাহাটী আঞ্চলিক বন কাৰ্য্যালয়ৰ অধীনৰ যোৰাবাট বন শিবিৰৰ ভাৰপ্ৰাপ্ত বিষয়া পুলিন মহন্তৰ নেতৃত্বত শিবিৰৰ এটা বনকৰ্মীৰ দল মাজনিশাৰে পৰা যোৰাবাটত গুৱাহাটীমুখী পথত জি এছ ৰোডত খাপ পিটি আছিল ।

পুৱা ৫.৪০ ত নাম্বাৰপ্লেট বিহীন এখন ট্ৰাকত বনকৰ্মীৰ দলে ৰখায় আৰু তালাচী চলোৱাত কৌশলৰে অনা মূল্যবান শালকাঠ খিনি জব্দ কৰিবলৈ সক্ষম হয় । সম্প্ৰতি কাঠসহ ট্ৰাকখন বন বিভাগৰ জিম্মাত আছে আৰু চালকজনক সোধাপোছ কৰাৰ লগতে কাঠখিনিৰ বৈধতা সন্দৰ্ভত বিভাগীয় তদন্ত আৰম্ভ কৰা হৈছে বুলি বন বিষয়া পুলিন মহন্তই জানিবলৈ দিয়ে ।

Exit mobile version