সোমবাৰে পুনৰ বিহাৰৰ মুখ্যমন্ত্ৰীৰূপে শপত ল’ব পাৰে নীতিশ কুমাৰে

image 4

অনাগত ১৮ নৱেম্বৰ অৰ্থাৎ সোমবাৰে পুনৰ বিহাৰত মুখ্যমন্ত্ৰীৰূপে শপত ল’ব পাৰে JDU ৰ নেতা নীতিশ কুমাৰে। এই কথা সদৰী কৰিছে NDAৰ মিত্ৰজোঁটৰ এক বিশেষ সূত্ৰই। আনহাতে বিজেপি নেতা সুশীল মোদীয়ে নীতিশ কুমাৰৰ লগত পুনৰ উপমুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব ।

বিজেপিৰ এক বিশেষ সূত্ৰৰ মতে বিহাৰৰ মুখ্যমন্ত্ৰী আৰু উপমুখ্যমন্ত্ৰীৰ পদক লৈ কোনো বিবাদ নাই । কিন্তু নতুন মন্ত্ৰীপৰিষদ গঠনক লৈ এতিয়াও চৰ্চা অব্যাহত আছে। সূত্ৰটোৱে সদৰী কৰা অনুসৰি বিজেপিৰ কেন্দ্ৰীয় নেতৃত্ব শপত গ্ৰহণ অনুষ্ঠানত অংশ কৰিব পাৰে ৷অৱশ্যে কৰ’নাৰ কাৰণে এই অনুষ্ঠান আয়োজনত বিভিন্ন প্ৰতিবন্ধকতা থাকিব পাৰে ।

আনহাতে মুখ্যমন্ত্ৰী পদটোক লৈ বিহাৰত আশংকা বৃদ্ধি পোৱাৰ সময়তে বুধবাৰে বিজেপি নেতা সুশীল মোদীয়ে সকলোৰে আশাত চেঁচাপানী পেলালে ৷

২৪৩ আসনত বিহাৰত বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হৈছে ।এইবাৰ NDA ৰ মিত্ৰজোঁটৰ চৰকাৰে বিহাৰত ১২৫ খন আসনত জয় লাভ কৰিছে ।

Exit mobile version