৩৫ শতাংশ মুছলমানৰ বিপৰীতে ৬৫ শতাংশ হিন্দুক সমবেত কৰি ২০২১ ৰ নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ লক্ষ্য লৈছে বিজেপিয়ে : মনোৰঞ্জন তালুকদাৰ

WhatsApp Image 2020 11 12 at 5.45.15 PM

বিটিআৰত বলিছে নিৰ্বাচনী গৰম বতাহ ৷ ভোটাৰৰ মন জয় কৰিবলৈ প্ৰচাৰ অভিযানত নামিছে প্ৰতিটো ৰাজনৈতিক দলে ৷ বিভিন্ন ৰাজনৈতিক দলৰ সমান্তৰালকৈ বাঁওপন্থী দল CPI(M)য়ে বাক্সাৰ শালবাৰীৰ মথনগুৰি সমষ্টিত অনুষ্ঠিত কৰে ৰাজহুৱা সভা ৷ সমষ্টিটোৰ খাৰিজা বিজনীৰ মিলন বজাৰত অনুষ্ঠিত সভাত CPI(M)ৰ ৰাজ্যিক নেতা মনোৰঞ্জন তালুকদাৰে বিজেপিক সাম্প্ৰদায়িক দল বুলি অভিহিত কৰি দলটোৰ জনবিৰোধী কাৰ্যকলাপক তীব্ৰ সমালোচনা কৰে ৷

অহা বিধানসভা নিৰ্বাচনত ৩৫ শতাংশ মুছলমানৰ বিপৰীতে ৬৫ শতাংশ হিন্দুক একত্ৰিত কৰাৰ দৰে সাম্প্ৰদায়িক মন্তব্য দিয়া মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাকো তীব্ৰ সমালোচনা কৰি নেতাগৰাকীয়ে সাংবাদিকৰ আগত কয়-“আমি স্বাভাৱিকতে ভাৰতৰ মাৰ্ক্সবাদী কমিউনিষ্ট পাৰ্টিয়ে দেশৰ বৰ্তমানৰ পৰিস্থিতিক লৈ যথেষ্ট উদ্বিগ্ন ৷ আমাৰ দেশৰ অৰ্থনীতি বিধ্বস্ত হৈ পৰিছে ৷ জনমূৰি আয় বিয়োগলৈ গতি কৰিছে ৷ মুদ্ৰাস্ফীতিয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰাত মূল্যবৃদ্ধিয়ে মানুহৰ কঁকাল ভাঙি দিছে ৷

প্ৰতিটো নিত্য সামগ্ৰীৰ দাম বৃদ্ধি পাইছে ৷ তাৰ বিপৰীতে কেন্দ্ৰীয় চৰকাৰে এই দাম বৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ সলনি অত্যাৱশ্যকীয় সেৱা আইন তেওঁলোকে বাতিল কৰি অবাধে লুণ্ঠন কৰিবলৈ পুঁজিপতি সকলক সুযোগ প্ৰদান কৰিছে ৷ অৰ্থনৈতিক বিপৰ্যস্তৰ মাজতো এক সাম্প্ৰদায়িক দৃষ্টিভংগীৰে হিন্দুত্বৰ শ্ল’গানেৰে ভাৰতবৰ্ষৰ সমাজক বিভাজিত কৰা দেখিবলৈ পোৱা গৈছে ৷

বিশেষকৈ ২০২১ৰ অসমৰ বিধানসভা নিৰ্বাচনৰ বাবে তেওঁলোকে মানুহক বিভাজিত কৰিবলৈ অপপ্ৰচাৰত লিপ্ত হৈছে ৷ অসমৰ বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সভা সমিতিয়ে কৈ ফুৰিছে এইবাৰ মোগলৰ বিৰুদ্ধে নিৰ্বাচনী যুঁজ হ’ব ৷ দুটা সভ্যতাৰ যুঁজৰ কথা কৈছে ‌ । সাম্প্ৰদায়িক মনোভাৱ আগত ৰাখি নিৰ্বাচনী প্ৰচাৰ, সাম্প্ৰদায়িক প্ৰচাৰ চলাইছে চৰকাৰখনে ৷

তাৰ বিপৰীতে আমি মানুহৰ মাজত সাম্প্ৰদায়িক ঐক্য যাতে বিনষ্ট নহয়, সাম্প্ৰদায়িকতা যাতে পৰাস্ত কৰিব পাৰি সেই মনোভাৱ আগত ৰাখিয়েই নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হওঁ৷” লগতে চিপিআইএমৰ নেতাগৰাকীয়ে কয়, “বিহাৰ বিধানসভা নিৰ্বাচনত বিলম্ব কৰি ভোট গণনা হৈছে ৷ শেষ পৰ্যায়ত ৯ টা সমষ্টিৰ ভোট কব্জা কৰি পুনৰ গণনাৰ দোহাই দি বলপূৰ্ব্বকভাৱে বিজেপিক জয়ী দেখুৱাইছে আৰু ১১৯ পোৱা মহাজোঁটক পৰাজয়ৰ দিশে ঠেলি দিছে ৷ ইয়াকে লৈ বিহাৰৰ জনগণ বাৰুকৈয়ে উত্তেজিত হৈছে আৰু ন্যায়ালয়ৰ কাষ চাপিছে ৷ বিহাৰ নিৰ্বাচনত বামপন্থী সকলৰ উত্থান দেখিছোঁ ৷ আমাৰ বামপন্থীৰো দুখন আসন বিজেপিয়ে কব্জা কৰাৰ অভিযোগ উঠিছে ৷ তৎস্বত্বেও বিহাৰৰ নিৰ্বাচনত আমি ১৬ খন আসন লাভ কৰিবলৈ সক্ষম হৈছোঁ ৷”

সভাখনত ২০নং মথনগুৰি সমষ্টিৰ CPI(M)ৰ প্ৰাৰ্থী জুলহাছ উদ্দিন আহমেদ, জ্যেষ্ঠ নেতা ডাঃ নাৰায়ন দাসকে ধৰি বহু সংখ্যক লোক উপস্থিত থাকে ৷

Exit mobile version