ট্ৰাম্পৰে বিবাহ বিচ্ছেদ হ’লে ক্ষতিপূৰণ হিচাপে কিমান ধন লাভ কৰিব মেলানিয়াই ?

trump melania 571 855

আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ নির্বাচনত ডনাল্ড ট্রাম্পৰ পৰাজয়ৰ পাছত মার্কিন সংবাদ মাধ্যমত অচিৰেই ট্রাম্প আৰু পত্নী মেলানিয়া ট্রাম্প বিবাহ বিচ্ছেদ হ’ব বুলি এক বাতৰি প্ৰচাৰিত হৈছিল। এই বাতৰিত দাবী কৰা মতে, মেলানিয়াই ট্রাম্পৰ পৰা বিবাহ বিচ্ছেদ দাবী কৰাৰ সম্ভাৱনা আছে।

মার্কিন সংবাদ মাধ্যমত শেহতীয়াভাৱে বিবাহ বিচ্ছেদ সম্পন্ন হলে ট্রাম্প পত্নীয়ে বৃহৎ পৰিমাণৰ ধন ক্ষতিপূৰণ হিচাপে লাভ কৰিব বুলিও বাতৰি প্ৰচাৰ কৰিছে। ট্রাম্প প্রাক্তন ৰাজনৈতিক সহযােগী অমাৰছা মেনিগাল্ট নিউমেনে দাবী কৰা মতে, ট্রাম্প আৰু মেলানিয়াৰ ১৫ বছৰীয়া দাম্পত্য জীৱন অৱসানৰ পথত।

উল্লেখ্য যে ট্রাম্পৰ স’তে পূর্বেও একাধিকবাৰ মেলানিয়াৰ সংঘাতৰ সৃষ্টি হৈছিল। আমেৰিকাৰ নিৰ্বাচনৰ ফলাফলৰ পাছত বিশেষকৈ ট্রাম্পৰ পৰাজয়ৰ পৰিণতিত মেলানিয়াই বিবাহ বিচ্ছেদ বিচাৰিব পাৰে বুলি নিউমেনে মার্কিন সংবাদ মাধ্যমৰ আগত দাবী কৰিছে।

আইনী বিশেষজ্ঞৰ মতে, ট্রাম্পে মেলানিয়াক বিবাহ বিচ্ছেদ দিবলৈ হ’লে ক্ষতিপূৰণ হিচাপে কমেও ৬৮ নিযুত অষ্ট্রেলিয়ান ডলাৰ অর্থাৎ ভাৰতীয় মূল্যত ৩৭২ কোটি টকা আদায় দিব লাগিব পাৰে। স্মর্তব্য যে ১৯৯৮ত ট্রাম্প-মেলানিয়াৰ প্ৰেমৰ সম্পর্ক গঢ় লৈ উঠিছিল আৰু ২০০৫ত দুয়াে বিবাহপাশত আবদ্ধ হৈছিল। ২০০৬ত মেলানিয়াই এটি পুত্র সন্তান জন্ম দিছিল। ট্রাম্প আৰু মেলানিয়াৰ বয়সৰ পাৰ্থক্য হৈছে ২৪ বছৰ। বর্তমানে ট্রাম্প বয়স ৭৪ বছৰ আৰু মেলানিয়াৰ ৫০ বছৰ।

Exit mobile version