দিল্লীত প্ৰদূষণেই ক’ভিড-১৯ৰ সংক্ৰমণৰ কাৰক : অৰবিন্দ কেজৰীৱাল

114962715 gettyimages 1229153046

ক’ভিড-১৯ সংক্ৰমণ উল্লেখনীয় হাৰত বৃদ্ধি হোৱাৰ সময়তে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰীৱালে আজি প্ৰদূষণক মূল কাৰণ হিচাপে চিহ্নিত কৰি কয় যে আগন্তুক ৭ বা ১০ দিনৰ ভিতৰত সংক্ৰমণ নিয়ন্ত্ৰণ কৰিব পৰা যাব।

‘দ্ৰুত হাৰত কৰ’না আক্ৰান্তৰ সংখ্যা বৃদ্ধিক লৈ মই যথেষ্ট উদ্বিগ্ন। আমি সকলো প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা উচিত। ৭ বা ১০ দিনৰ ভিতৰত ইয়াক নিয়ন্ত্ৰণ কৰিব পৰা যাব বুলি আশা কৰিছো ।’ অৰবিন্দ কেজৰীৱালে এই সন্দৰ্ভত এক ৰাজহুৱা বাৰ্তা প্ৰেৰণ কৰে ।

সূত্ৰ অনুসৰি বৃহস্পতিবাৰে দিল্লীত ক’ভিড-১৯ ত আক্ৰান্তৰ মৃতকৰ সংখ্যা ১০৪ জনলৈ বৃদ্ধি পোৱাৰ লগতে সৰ্বোচ্চ আক্ৰান্ত হয়। আনহাতে, দিল্লীত ক’ভিড আক্ৰান্তৰ তৃতীয় পৰ্যায়ত আছে । ইয়াৰ এক কাৰণ হ’ল প্ৰদূষণ। কেন্দ্ৰীয় চৰকাৰৰ মতে, দিল্লীত শীতৰ প্রভাৱৰ বাবে দৈনিক ১৫ হেজাৰ আক্ৰান্তৰ নিয়ন্ত্ৰণ কৰিবৰ বাবে সংস্থান প্ৰস্তুত কৰিবলৈ কোৱা হৈছে।

প্ৰদূষণ বৃদ্ধিৰ বাবে শ্বাস-প্ৰশ্বাসকে ধৰি বহুসমস্যাত ভুগিব লগা হৈছে দিল্লীবাসী । যান-বাহন আৰু উদ্যোগিক প্ৰদূষণৰ বাদে পঞ্জাৱ আৰু হাৰিয়ানাত খেতি আৰু উৎসৱত জ্বলোৱা আতচবাজীয়ে প্ৰত্যেক বছৰে সমস্যাৰ সৃষ্টি কৰি আহিছে ।

Exit mobile version