দীপান্বিতাত ভাৰতবাসীক বিশেষ উপহাৰ দিছে মাৰ্কিন গায়িকা মেৰি মিলবেনে । জনপ্ৰিয় গায়িকাগৰাকীয়ে কণ্ঠ মিলাইছে ‘ওম জয় জগদীশ’ গীতৰ তালে তালে । মিলবেনে কণ্ঠদানৰ সময়ত পৰিধান কৰিছে গোলাপী-হালধীয়া ৰঙৰ ঘাগৰা চোলি । মূৰত লৈ আছে ওৰণি । শৰীৰত গহণাৰ ভৰণ ।দীপান্বিতাত এগৰাকী ভাৰতীয় নাৰীয়ে পৰিধান কৰাৰ দৰেই মিলবেনে সাজ-পোছাক । এনেদৰেই ভাৰতবাসীক আপ্লুত কৰাৰ চেষ্টা চলালে গায়িকাগৰাকীয়ে ।
প্ৰকৃততে পোহৰৰ উৎসৱৰ প্ৰতি লক্ষ্য ৰাখিয়ে মিলবেনে মুকলি কৰি দিছে এটি নতুন মিউজিক ভিডিঅ’ । ৩৮ বছৰ বয়সীয়া মেৰি মিলবেনে মাৰ্কিন যুক্তৰাষ্ট্ৰত সম্প্ৰতি অতিকৈ জনপ্ৰিয় । আমেৰিকাৰ তিনি ৰাষ্ট্ৰপতি ক্ৰমে জৰ্জ ডব্লিউ বুশ্ব, বাৰাক অ’বামা আৰু ড’নাল্ড ট্ৰাম্পৰ বাবেও অনুষ্ঠান পৰিৱেশন কৰে মিলবেনে ।
এন বি এ আৰু এন এফ এলৰ দৰে জনপ্ৰিয় খেলৰ অনুষ্ঠানত হেজাৰ হেজাৰ দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছে এইগৰকী গায়িকাই । হিন্দী শিকিবলৈ আৰম্ভ কৰাৰ পাছৰে পৰা ভাৰতৰ প্ৰতিও অনুৰাগ সৃষ্টি হয় মিলবেনৰ মনত । নিজৰ হিন্দী শিক্ষকজনৰ পৰাই ভাৰত তথা ভাৰতৰ ঐতিহ্যৰ বিষয়ে জানিব পাৰে মিলবেনে । এই হিন্দী শিক্ষকজনো আকৌ এলা-পেছা লোক নাছিল । মাৰ্কিন যুক্তৰাষ্ট্ৰত ভাৰতৰ প্ৰথমজন সাংস্কৃতিক কূটনীতিবিদ ড° মুক্ষৰাজে হিন্দী শিকাইছিল মিলবেনক । ফলত মুক্ষৰাজৰ উৎসাহতে ভাৰত সম্পৰ্কে অধিক জানিবলৈ উদগ্ৰীৱ হৈ পৰে গায়িকাগৰাকী ।
যোৱাটো স্বাধীনতি দিৱসৰ দিনটোত ভাৰতৰ জাতীয় সংগীতো পৰিৱেশন কৰিছিল গায়িকাগৰাকীয়ে । এই সংগীতে যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছিল । বিশেষকৈ মাৰ্কিন যুক্তৰাষ্ট্ৰত থকা প্ৰৱাসী ভাৰতীয়সকলে জাতীয় সংগীতৰ বাবে গায়িকাগৰাকীক উচ্চ প্ৰশংসা কৰিছিল । মিলবেনে ভিডিঅ’টোৰ দৃশ্য গ্ৰহণৰ বাবে বাছি লয় এৰিজ’নাৰ মনোৰম পৰিৱেশ । যীশু খ্ৰীষ্টৰ মূৰ্তিৰ সন্মুখতে মিলবেনে কণ্ঠ নিগৰাইছে ‘ওমজয় জগদীশৰ।’ গানৰ সুৰ বনাইছে কানাডিয়ান স্ক্ৰিণ এৱাৰ্ড তথা গ্ৰেমি মনোনয়নপ্ৰাপ্ত ডেৰিল বেনেটে ।
উচ্চাৰণত অভ্যস্ত নহ’লেও মিলবেনৰ কণ্ঠত কিন্তু আৱেগৰ অভাৱ হোৱা নাছিল । এই আৱেগই শ্ৰুতাৰ মন জয়ত মুখ্য ভূমিকা লয় । মেৰি মিলবেনৰ মতে এনেদৰেই বিশ্বৰ বৃহৎ গণতান্ত্ৰিক দেশ দুখনৰ মাজৰ সম্পৰ্ক অধিক শক্তিশালী হ’ব ।