বঙাইগাঁওৰ দোলাইগাঁওত কোচ ৰাজবংশীৰ কলা-সংস্কৃতিৰ সংৰক্ষণৰ বাবে সংগ্ৰহালয়ৰ আধাৰশিলা স্থাপন

Screenshot 52

আন্তঃগাঁঠনি আৰু সৌন্দৰ্য বৰ্ধন হ’ব নামনি অসমৰ উল্লেখযোগ্য জিলা বঙাইগাঁৱত ৷ এই উদ্দেশ্যৰেই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি বঙাইগাঁৱত উপস্থিত হৈ পাঁচটাকৈ নতুন কামৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে ৷

ৰাইজৰ হকে আগবঢাব উল্লেখনীয় প্ৰকল্পকেইটা ৷ প্রকল্প কেইটাৰ অধীনত বঙাইগাঁও চহৰৰ দোলাইগাঁৱত বীৰ চিলাৰায়ৰ নামত হ’ব লগা আধুনিক সংগ্ৰাহলয়ৰ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰীয়ে ৷

মুঠ ১.৯ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰিব লগা এই সংগ্ৰহালয়টোত কোচ ৰাজবংশীৰ সকলো পৰম্পৰা, ঐতিহ্য, সংস্কৃতি আদি সংৰক্ষিত হ’ব ৷ নগৰ উন্নয়ন বিভাগৰ চি আই ডি এফ ফাণ্ডৰ অধীনত কৰা হ’ব এই প্ৰকল্পটি ৷

আনহাতে, আধাৰশিলা স্থাপনৰ পিছতে মুখ‍্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল, মন্ত্ৰী ফণীভূষন চৌধুৰী আৰু পীয়ুষ হাজৰিকাক ধন‍্যবাদ জনায় কোচ ৰাজবংশীয় বিভিন্ন দল সংগঠনৰ জ্যেষ্ঠ লোক সকলে ।

Exit mobile version