“মই কেতিয়াও ৰাজনৈতিক জীৱনৰ পৰা অৱসৰ লোৱাৰ কথা কোৱা নাই” : নীতিশ কুমাৰ

40 Nitish Kumar

‘বিহাৰ বিধানসভা নিৰ্বাচন ২০২০ নীতিশ কুমাৰৰ শেষ নিৰ্বাচন । তেঁও এই সন্দৰ্ভত কেতিয়াও কোৱা নাছিল । ভৱিষ্যতে তেওঁ ৰাজনীতিৰ পৰা বিৰতি লোৱাৰ কোনো পৰিকল্পনা নাই।’ নিৰ্বাচনী প্ৰচাৰৰ সময়ত এনেদৰে মন্তব্য আগবঢ়াইছিল বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে। বিহাৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী পদৰ বাবে অন্যতম এক দাবীদাৰ নীতিশ কুমাৰ। তেওঁ দাবী কৰে যে তেওঁৰ মন্তব্যৰ ভুল ব্যাখ্যা কৰা হৈছে।

উল্লেখ্য যে, বিহাৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত নিজৰ ৰাজনৈতিক জীৱনৰ ভৱিষ্যতৰ সন্দৰ্ভত কৈছিল যে, আজি নিৰ্বাচনৰ শেষ দিন । এয়াই মোৰ শেষ নিৰ্বাচন । শেষ ভাল মানে সকলো ভাল । সাধাৰণ মানুহৰ মাজত গ্ৰহণযোগ্যতা কমি যোৱাৰ বাবেই অৱসৰৰ ইংগিত দিছে নেকি নীতিশে ? নে সাধাৰণলোকৰ পৰা সহানুভূতি পাবলৈ এই মন্তব্য কৰিছে বুলি নীতিশ কুমাৰৰ মন্তব্যৰ পাছতে ৰাজনৈতিক মহলত চর্চা আৰম্ভ হয়।

সেই সময়ত নীতিশে এই সন্দৰ্ভত কোনো বাখ্যা আগনবঢ়ালে যদিও নিৰ্বাচনত এনডিএৰ দলে জয়লাভ কৰাৰ পিছত স্পষ্টীকৰণ দিয়ে। এক সাক্ষাৎকাৰত কয় যে, ‘মই কেতিয়াও অৱসৰ লোৱাৰ কথা কোৱা নাই। যদি আপুনি মোৰ ভাষণ ভালদৰে শুনে তেন্তে সকলো স্পষ্ট হৈ পৰিব ।’

Exit mobile version