শনিবাৰে কেনেডিৰ পৰা মহাকাশলৈ উৰা মাৰিব ক্ৰু ড্ৰেগন

spacex crew dragon astronauts

অহা শনিবাৰে চাৰিজন মহাকাশচাৰীক লৈ উৰা মাৰিব ‘ক্ৰু ড্ৰেগন’ কেপচুল । মাৰ্কিন যুক্তৰাষ্ট্ৰস্থিত ফ্ল’ৰিডাৰ কেনেডি স্পেচ চেণ্টাৰৰ পৰা মহাকাশযানে আন্তৰ্যাতিক মহাকাশ কেন্দ্ৰলৈ যাব । তিনি মাৰ্কিন তথা এজন জাপানী মহাকাশচাৰীক লৈ মহাকাশযানখনে শনিবাৰে সন্ধিয়া ৭ বাজি ৫৯ মিনিটত পৃথিৱী এৰাব । মাৰ্কিন বেচৰকাৰী মহাকাশ সংস্থা ‘স্পেচ এক্স’ৰ উদ্যোগত এই মহাকাশ অভিযান চলিব ।

পাঁচমাহ পূৰ্বে স্পেচ এক্সৰ দ্বাৰা আন এক মহাকাশযান মহাকাশ কেন্দ্ৰটোলৈ প্ৰেৰণ কৰা হৈছিল । যোৱা মে’ৰ এই অভিযানৰ সাফল্যৰ পাছত নতুন এই অভাযানৰ প্ৰস্তুতি আৰম্ভ কৰি দিয়া হৈছিল । ইতিমধ্যে ক্ৰু ড্ৰেগন কেপচুলক নিৰাপদ বুলি এই অভিযানৰ অনুমতি প্ৰদান কৰিছে নাছাই । মে’ৰ অভিযানত দুজন মহাকাশচাৰীক মহাকাশ কেন্দ্ৰলৈ প্ৰেৰণ কৰা হৈছিল ।

যোৱা আগষ্টত দুয়োজন মহাকাশচাৰীক পুনৰ পৃথিৱীলৈ ওভতাই অনা হয় । এই মহাকাশ যাত্ৰা অতিকৈ মসৃন আছিল বুলিও নাছাৰ পৰা মন্তব্য কৰা হয় । নাছাৰ অনুমতি সাপেক্ষেই এই অভিযান পৰিড়ালিত হ’ব । কেনেডি স্পেচ চেণ্টাৰৰ পৰা মহাকাশ পাবলৈ আঠ ঘণ্টা সময়ৰ প্ৰয়োজন হ’ব মহাকাশ যানখনক । নাছাৰ মুখ্য প্ৰশাসক জিম ব্ৰিডেনষ্টাইনে এই সন্দৰ্ভত কয়, ‘এই কথাই আমাক যথেষ্ট আনন্দিত কৰিছে । আমেৰিকাই এনে এখন মহাকাশ যান বনোৱাত আমিও ইয়াৰ সমভাগী অনুভৱ কৰিছো । যিখন মহাকাশযানে এতিয়া মহাশূণ্যলৈ উৰা মাৰিব । এনে অভিযানে ভৱিষ্যতে মহাকাশযানকলৈ নাছাৰ চিন্তাৰো কিছু হ্ৰাস কৰিব ।’

স্পেচ এক্সৰ পৰা জনোৱা অনুসৰি অহা মাৰ্চৰ ভিতৰত মহাকাশ কেন্দ্ৰলৈ পুনৰ সাততাকৈ অভিযান চলোৱা হ’ব । ইয়াত কিৰ্গ কেপচুলৰ লগতে মহাকাশচাৰীকো প্ৰেৰণ কৰাৰ লক্ষ্য লোৱা হৈছে । শনিবাৰে ক্ৰু ড্ৰেগনে উৰা মৰাৰ পাছৰে পৰা এই অভিযানৰ প্ৰস্তুতি আৰম্ভনি কৰি দিয়া হ’ব । ২০১২ৰ পৰা স্পেচ এক্সৰ পৰা একমাত্ৰ কাৰ্গ কেপচুলহে মহাকাশ কেন্দ্ৰলৈ প্ৰেৰণ কৰি অহা হৈছিল । মহাকাশচাৰীসহ মহাকাশযান প্ৰেৰণৰ ক্ষেত্ৰত এইটো মাত্ৰ দ্বিতীয়টো অভিযান হ’ব স্পেচ এক্সৰ । প্ৰথমটোৰ দৰে দ্বিতীয় এই অভিযানো সম্পূৰ্ণভাৱে সফল হ’ব বুলি আশা প্ৰকাশ কৰিছে স্পেচ এক্সৰ পৰা ।

Exit mobile version