ক্ষিপ্ৰতাৰে আগবাঢ়িছে বিহাৰৰ মন্ত্ৰী পৰিষদ গঠনৰ ৰণনীতি

WhatsApp Image 2020 11 14 at 3.29.15 PM

বিহাৰত সম্প্ৰতি নতুনকৈ চৰকাৰ গঠনৰ ৰণনীতি তৈয়াৰ হৈছে ৷ইয়াৰ মাজতে ৰাজ্যখনৰ নতুন পৰিষদ গঠনৰ কাৰণে দেওবাৰে NDA নেতাসকলৰ এখন বৈঠক অনুষ্ঠিত হ’ব। এই বৈঠকত নীতিশ কুমাৰ পুনৰ মুখ্যমন্ত্ৰী হোৱাৰ কথা উত্থাপনৰ হ’ব পাৰে ৷

আনহাতে দেওবাৰে পাটনাত হ’ব লগা এই বৈঠকত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙো উপস্থিত থাকিব পাৰে ৷ অৱশ্যে বিজেপি বিহাৰৰ নতুন মুখ্যমন্ত্ৰী নীতিশ কুমাৰেই হ’ব বুলি ইতিমধ্যে স্পষ্টকৈ প্ৰকাশ কৰিছে।

ইয়াৰ মাজতে নীতিশ কুমাৰে ৰাজ্যপালক তেওঁৰ পদত্যাগ পত্ৰ দাখিল কৰিছে ৷ইপিনে ইতিমধ্যে সম্পন্ন হোৱা এক বৈঠকৰ মতে NDA ৰ মিত্ৰজোঁটে দেৱালীৰ পাছতহে নেতা নিৰ্বাচন কৰিব । আৰু মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ বাসগৃহত হোৱা এই বৈঠকত বহু জ্যেষ্ঠ নেতা উপস্থিত আছিল ৷

বিহাৰৰ নিৰ্বাচনত সফলতাৰ পাছত পুনৰ মুখ্যমন্ত্ৰী হোৱাৰ আনন্দ প্ৰকাশ কৰিছিল নীতিশ কুমাৰে৷নিৰ্বাচিত হোৱাৰ পাছত নীতিশ কুমাৰে প্ৰথমবাৰৰ কাৰণে নৱ নিৰ্বাচিত বিধায়কসকলৰ লগত মত বিনিময় কৰে ।

উল্লেখযোগ্য যে বিহাৰত NDA মিত্ৰজোঁটৰ চৰকাৰে ২৪৩ আসনৰ ভিতৰত লাভ কৰিছে ১২৫ খন আসন। ইয়াৰে পাছত বিজেপিয়ে নীতিশ কুমাৰেই যে পৰৱৰ্তী মুখ্যমন্ত্ৰী হ’ব সেই সন্দৰ্ভত উৎসুকতা প্ৰকাশ কৰিছিল। ইয়াৰ মাজতে কাইলৈ হ’ব লগা বৈঠকখনে সকলোৰে মাজত উৎসুকতা প্ৰকাশ কৰিছে ৷

Exit mobile version