পুনৰ যুদ্ধবিৰতি উলংঘা পাকিস্তানৰ

WhatsApp Image 2020 11 14 at 12.49.27 PM

পুনৰ যুদ্ধবিৰতি উলংঘা কৰিছে পাকিস্তানে ৷ জম্মু কাশ্মীৰৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত হোৱা সংঘৰ্ষত পাঁচজন ভাৰতীয় জোৱান ছহীদ হোৱাৰ লগতে ছজন অসামৰিক লোকৰ মৃত্যু হয়। পাকিস্তানে শুক্ৰবাৰে জম্মু কাশ্মীৰৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত কে’বাবাৰো যুদ্ধবিৰতি উলংঘন কৰে।

ভাৰতীয় সেনাৰ এক বিশেষ সূত্ৰৰ মতে পাকিস্তানৰ এই বৰ্বৰতাত ৫ জন সেনা জোৱান ছহীদ হয় আৰু ৬ জন নাগৰিকৰ মৃত্যু হয় ।লগতে যুদ্ধবিৰতি উলংঘা কৰিলেও পাকিস্তানৰ ফালৰ পৰা বহু লোক আহত হৈছে।

আনহাতে পাকিস্তানী সেনাৰ অপ্ৰৰোচিত গুলীত শ্বহীদ হয় অসমৰ বীৰ জোৱান হাৰাধন চন্দ্ৰ ৰয়।হাৰধন ৰয়ৰ ঘৰ ধুবুৰী জিলাৰ চাপটগ্ৰাম আৰক্ষী থানাৰ অন্তৰ্গত ফুটুকীবাৰী-মেধিপাৰাত।

যুদ্ধবিৰতি চুক্তি উলংঘা কৰি পাকিস্তানৰ সেনাই উত্তৰ কাশ্মীৰৰ কে’বা ঠাইতো গুলী আৰু মৰ্টাৰেৰে আক্ৰমণ চলোৱাৰ ফলত ৫ জন ভাৰতীয় জোৱানৰ লগতে আন ৬ জন অসামৰিক লোকৰ মৃত্যু ঘটে।

উল্লেখ্য যে, ভাৰতীয় সেনাৰ মুখপাত্ৰ ৰাজেশ কালিয়াই প্ৰকাশ কৰা মতে পুৱাৰ ভাগত পাকিস্তানৰ সেনাই গুলী আৰু মৰ্টাৰেৰে আক্ৰমণ চলোৱাৰ পিছতে ভাৰতীয় সেনায়ো গুলীৰে প্ৰত্যুত্তৰ দিয়ে। ফলত পাক সেনাৰ কমেও ১০ জন জোৱান নিহত হয়।

Exit mobile version