অৱশেষত আজি বিয়লি প্ৰায় ৫.৩০ ত পাকিস্তানৰ যুদ্ধ বিৰতিৰ উলংঘনত ছহীদ হোৱা হৰধন চন্দ্ৰ ৰায়ৰ মৃতদেহ।
আজি ছহীদ হৰধনৰ মৃতদেহ ধুবুৰীলৈ লৈ যোৱা হ’ব।
সুৰক্ষা আৰু বৰ্তমানৰ কৰ’না মহামাৰীৰ পৰিপ্ৰেক্ষিতত হৰধন ৰায়ৰ মৃতদেহৰ ওচৰলৈ কোনো সংবাদ কৰ্মীক যাবলৈ দিয়া হোৱা নাই।
আজি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ছহীদ হৰধন চন্দ্ৰ ৰায়ৰ মৃতদেহত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷
ইপিনে কাইলৈ ছহীদ হৰধন ৰায়ৰ অন্তিম সৎকাৰ নিজৰ জন্মস্থানত ৰাষ্ট্ৰীয় মৰ্যাদাৰে কৰা হ’ব ।