দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ পৰীক্ষণৰ কাৰণে প্ৰথম পৰ্যায়ৰ স্পুটনিক ৫ পাবহি কানপুৰ মেডিকেল চিকিৎসালয়ত

WhatsApp Image 2020 11 15 at 5.39.08 PM

ক’ভিড ১৯ সংক্ৰমণ নিয়ন্ত্ৰণৰ কাৰণে ৰাছিয়াৰ স্পুটনিক ৫ অনাগত সপ্তাহত কানপুৰৰ গণেশ শংকৰ বিদ্যাৰ্থী মেডিকেল কলেজত উপলব্ধ হোৱাৰ সম্ভাৱনা আছে। এক বিশেষ সূত্ৰৰ মত অলুসৰি ড্ৰাগ কন্ট্ৰ’লাৰ অৱ ইণ্ডিয়াৰ পৰা ডা° ৰেড্ডীৰ ক্লিনিৰ পৰা অনুমোদন পোৱাৰ পাছত দ্বিতীয় আৰু তৃতীয়বাৰৰ কাৰণে মানৱ ক্লীনিকেল পৰীক্ষা কৰা হ’ব। ইয়াৰ কাৰণে ১৮০ তকৈও বেছি ব্যক্তিয়ে নাম পঞ্জীভুক্ত কৰিছে।

আনহাতে নাম পঞ্জীয়ন কৰা ব্যক্তিসকলৰ শৰীৰত ভেকচিন পৰীক্ষণ কৰাৰ পাছত প্ৰতিবেদন প্ৰস্তত কৰা হ’ব। আৰু ভেকচিনৰ সফলতা চোৱা হ’ব। এবাৰ ভেকচিন শৰীৰত দিয়াৰ পাছত ইয়াৰ প্ৰভাৱ ৬-৭ মাহলৈকে অধ্যয়ন কৰা হ’ব।

ইপিনে এই ভেকচিনক ০-২০ ডিগ্ৰী ছেলচিয়াছৰ পৰা০- ৭০ ডিগ্ৰী চেলচিয়াচৰ তাপমাত্ৰাত ৰখা হ’ব ৷২০২০ৰ ছেপ্টেম্বৰত ৰেড্ডীচ আৰু আৰডিআইএফে স্পুটনিক ৫ ৰ ক্লীনিকেল পৰীক্ষণ আৰু ভাৰতত ইয়াৰ পৰীক্ষণৰ আৰু বিতৰণৰ কাৰণে চুক্তি কৰিছিল ৷সেই অনুসৰি স্পুটনিক ৫ ৰ ১০ কোটি ড’জ ভাৰতত প্ৰদান কৰিব ৰাছিয়াই।

Exit mobile version