অনাগত বৰ্ষত ক’ভিড-১৯ৰ ভেকচিন অধিক সংখ্যক লোককে দিয়া নহ’বঃ ইউ কে

MATTHANCOCK

বৰ্তমান সমগ্ৰ বিশ্বকেই ক’ভিড-১৯ এ জুৰুলা কৰিছে । সকলো দেশেই অনতিপলমে ক’ভিড ভেকচিন প্ৰস্তুত কৰিবলৈ যথা সম্ভৱ চেষ্টা চলাইছে । ইয়াৰ মাজতে স্কাই নিউজৰ এক ইণ্টাৰভিউত ব্ৰিটেইনৰ স্বাস্থ্যমন্ত্ৰী মেট হেনকোকে কয়, ‘যদিও ক’ভিড-১৯ৰ ভেকচিন যিমান পাৰে সোনকালে প্ৰস্তুত কৰিবলৈ চেষ্টা কৰা হৈছে তথাপি অহা বছৰলৈকে ব্ৰিটেইনৰ অধিক সংখ্যক লোককে ভেকচিন দিয়া সম্ভৱ নহ’ব । অনতি পলমে বজাৰত ভেকচিন সুলভ কৰিবলৈ চৰকাৰে চেষ্টা চলাইছে ।’

লগতে স্বাস্থ্যমন্ত্ৰী মেট হেনকোকে কৰ’না অতিমাৰী সময়ত উদযাপন হ’ব লগা বৰদিনৰ দিনা সকলো জনসাধাৰণ সমবেত হ’ব পৰাকৈ ব্ৰিটেইনৰ প্ৰশাসনে নীতি-নিৰ্দেশনা জাৰি কৰাৰ আহবান কৰে।

উল্লেখযোগ্য যে সমগ্ৰ বিশ্বত কৰ’নাই সংহাৰী ৰূপ ধাৰণ কৰিছে ৷ তাৰ মাজতে বিশ্বত কৰ’নাৰ সংহাৰীৰূপ সকলোৱে প্ৰত্যক্ষ কৰিছে ৷ সম্প্ৰতি ভেকচিনক লৈ বিশ্ববাসীৰ উৎসুকতাৰ মাজতে ব্ৰিটেইনৰ স্বাস্থ্যমন্ত্ৰীৰ এই মন্তব্যই সকলোৰে মাজত উৎসুকতাৰ সৃষ্টি কৰিছে।

Exit mobile version