কোনোপধ্যেই হাৰ নামানে ড’নাল্ড ট্ৰাম্পে

201113173216 donald trump november 13 2020 01 exlarge 169

আমেৰিকাত ৰাষ্ট্ৰপতি নিৰ্বাচন অনুষ্ঠিত হৈ যোৱাৰ পাছতো নিৰ্বাচনৰ ফলাফলক লৈ সম্প্ৰতি প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে নিতৌ নিত্য নতুন মন্তব্যৰে বিতৰ্কৰ সূত্ৰপাত ঘটাইছে ।

ইতিমধ্যে আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত ডেম’ক্ৰেটিক পাৰ্টীৰ জ’ বাইডেনৰ জয়ৰ পিছত পুনৰ এবাৰ ড’নাল্ট ট্ৰাম্পে টুইট কৰি বিতৰ্কৰ সূত্ৰপাত ঘটাইছে। দেওবাৰে ট্ৰাম্পে নিজৰ পৰাজয় স্বীকাৰ কৰিছিল। কিন্তু তাৰ পাছতে পুনৰ টুইট কৰি ৰাষ্ট্ৰপতি নিৰ্বাচনত নিজৰ জয়ৰ দাবী কৰিছে ট্ৰাম্পে। ট্ৰাম্পে টুইটাৰত লিখিছে” I WON THE ELECTION !” ৷

ইয়াৰ পূৰ্বে ড’নাল্ড ট্ৰাম্পে নিজৰ পৰাজয় স্বীকাৰ কৰি নিৰ্বাচন প্ৰক্ৰিয়াক লৈ বহু প্ৰশ্নৰ উত্থাপন কৰিছিল। বাইডেনৰ জয় স্বীকাৰ কৰিলেও নিৰ্বাচনত খেলিমেলিৰ অভিযোগ কৰিবলৈ এৰা নাছিল ট্ৰাম্পে ৷ ট্ৰাম্পে কয় যে আমাৰ সংবিধানৰ সুৰক্ষাৰ বাবে তাক লৈ খেলা কৰাৰ অনুমতি কাকো দিয়া নাই। গতিকে বিশ্বই সকলো দেখিছে।

উল্লেখ্য যে, ৰাষ্ট্ৰপতি নিৰ্বাচনত ডেম’ক্ৰেটিকৰ প্ৰাৰ্থী জ’ বাইডেনে ২৭০ তকৈ অধিক আসন লাভ কৰি সংখ্যাগৰিষ্ঠতা লাভ কৰিছিল ।এতিয়াও ট্ৰাম্পে কোনো ধৰণৰ নৰম মনোভাৱ দেখুওৱা নাই। ট্ৰাম্পৰ মন্তব্য “বাইডেনে বক্ৰ পথেৰে নিৰ্বাচনত জয় লাভ কৰিছে। আৰু এতিয়াও এই যুদ্ধ শেষ হোৱা নাই।”

Exit mobile version