Guwahati GS Road has the Highest Commercial Space Rent Among the 58 Cities:
ৰাজ্যৰ অর্থনীতি টনকিয়াল কৰিব পৰাকৈ বাণিজ্যিক কেন্দ্রবিন্দু নহ’লেও গুৱাহাটীৰ জি এছ ৰোডে খুচুৰা বজাৰৰ স্থানৰ ঘৰভাড়াৰ হাৰ বৃদ্ধিৰে দেশৰ ভিতৰতে শীর্ষ স্থান দখল কৰিছে। টায়াৰ-১ চহৰৰ ভিতৰত সৰ্বাধিক ভাড়া বৃদ্ধিৰে শীৰ্ষত দিল্লীৰ কন’ট প্লেচ থকাৰ বিপৰীতে টায়াৰ-২ মহানগৰীত দেশৰ ভিতৰতে শীর্ষত আছে গুৱাহাটীৰ জি এছ ৰোড।
নাইট ফ্রেংক ইণ্ডিয়াৰ ‘থিংক ইণ্ডিয়া থিংক ৰিটেইল- ২০২৪ শ্বপিং চেণ্টাৰ এণ্ড হাই স্ট্রীট ডাইনেমিক এক্রছ ২৯ চিটিজ’ শীর্ষক প্রতিবেদনত প্রকাশ পাইছে দেশৰ টায়াৰ-২ মহানগৰৰ ভিতৰত গুৱাহাটীয়ে বাণিজ্যিক স্থানৰ ভাড়াৰ দিশেৰে দেশৰ আন মহানগৰসমূহক অতিক্ৰম কৰাৰ তথ্য।
প্ৰতিবেদনত উল্লেখ কৰা মতে, টায়াৰ-১ মহানগৰৰ শীৰ্ষত থকা কন’ট প্লেচৰ পাছতে ভাড়াৰ দিশেৰে দ্বিতীয় স্থানত আছে বাংগালুৰুৰ হেনাৰ মেইন ৰোড আৰু কৰ্মাচিয়েল স্ট্রীট পথ দুটা। উল্লেখ্য যে টায়াৰ-২ মহানগৰৰ শীৰ্ষত থকা গুৱাহাটীৰ জিএছ ৰোড অর্থাৎ গুৱাহাটী-শ্বিলং পথত খুচুৰা বিক্ৰী কেন্দ্ৰৰ স্থানৰ ভাড়া ৩৮ শতাংশ বৃদ্ধি পাইছে। এই হাৰ দেশৰ আন ৫৮টা বাণিজ্যিক কেন্দ্রস্থলী পথৰ ভিতৰতে শীর্ষত।
স্বাভাৱিকতে এই প্রতিবেদনৰ পাছতে ভাৰতত ব্যৱসায় আৰম্ভ কৰাৰ বাবে উপযুক্ত স্থানৰ সন্ধানত থকা দেশ-বিদেশৰ বহুজাতিক সংস্থা তথা কোম্পানীসমূহৰ দৃষ্টি নিবদ্ধ হৈছে গুৱাহাটীৰ জি এছ ৰোডত। উল্লেখ্য যে জি এছ ৰোডৰ খুচুৰা বিক্ৰী কেন্দ্ৰৰ ভাড়া বৃদ্ধিৰ অভাৱনীয় হাৰৰ মূলতেই হ’ল এই বাণিজ্যিক পথটোত সকলো সামগ্ৰীৰে বিক্ৰী ব্যাপক হাৰত উর্ধ্বগামী হোৱাটো।
সমীক্ষা মতে, জি এছ ৰোডত ২৯ শতাংশ খুচুৰা ব্যৱসায় স্থলতে কাপোৰ বিক্ৰী হয়। ইয়াৰ পাছতে ১৮ শতাংশ স্থানত বিক্রী হয় খাদ্য আৰু বিভিন্ন পানীয়। গ্রাহকৰ বাবে স্বাভাৱিক খাদ্যাভ্যাসৰ বিকল্প খাদ্যৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈছে জি এছ ৰোড।
আন ১৭ শতাংশ স্থানত আনুষংগিক সামগ্রী বিক্রী হয়। পৰিসংখ্যা মতে, ২০২২ত জি এছ ৰোডত প্রতি বর্গফুটত মাহিলি ভাড়াৰ নিৰিখ আছিল ১৫০-১৭৫ টকা। পিছে মাথোঁ এটা বছৰৰ ব্যৱধানতে ২০২৩৩ গুৱাহাটীৰ সদাব্যস্ত জি এছ ৰোডত খুচুৰা বিক্ৰী কেন্দ্ৰৰ গৃহ ভাড়া প্রতি বর্গফুটত মাহিলি ২০০-২৫০ টকালৈ বৃদ্ধি হয়। টায়াৰ-২ মহানগৰৰ ভিতৰত এই হাৰ হ’ল সর্বাধিক।
প্রসংগত উল্লেখ্য যে জি এছ ৰোডৰ খুচুৰা ব্যৱসায়িক স্থলৰ ভাড়াৰ হাৰ সম্প্ৰতি দেশৰ কে’বাখনো মহানগৰ ক্ৰমে ভুৱনেশ্বৰ, ভূপাল, ইণ্ডোৰ, লক্ষ্ণৌ, জলন্ধৰ, লুধীয়ানা, চণ্ডীগড়, জয়পুৰ, নাগপুৰ, ঔৰংগাবাদ, হায়দৰাবাদ, নয়দা, পুনে, চুৰাট, বডোদৰা, কইম্বাটোৰ, মাংগালুৰু, বিশাখাপট্টনম, ৰায়পুৰ আদিতকৈও উর্ধ্বত। স্বাভাৱিকতে বহুজাতিক সংস্থাসমূহৰো দৃষ্টি নিবদ্ধ হৈছে গুৱাহাটীৰ জি এছ ৰোডৰ ওপৰত।
উল্লেখ্য যে এজাক বৰষুণতে একাঁঠু পানী হোৱা জি এছ ৰোডৰ অৱস্থা তথৈবচ হ’লেও এই ব্যস্ততম পথটোৰ দুয়োকাষে থকা ব্যৱসায়িক প্রতিষ্ঠানসমূহক দেশ-বিদেশৰ ভিন্ন ব্ৰেণ্ডৰ কাপোৰ আৰু দেশ-বিদেশৰ সুনাম থকা খাদ্য সামগ্ৰীৰ প্ৰতিষ্ঠানসমূহে তুলনামূলকভাৱে আন মহানগৰৰ তুলনাত অধিক বিক্রী তথা মুনাফা অৰ্জনৰ সূত্রেই জি এছ ৰোডত প্ৰতি বৰ্গফুটৰ খুচুৰা ব্যৱসায়স্থলীৰ ভাড়া প্রায় দুগুণলৈ উর্ধ্বগামী হৈছে। উল্লেখ্য যে জি এছ ৰোডত আছে কেএফচি, মেকড ‘নাল্ড, কুলফী হাউছৰ দৰে বহুজাতিক খাদ্য সামগ্ৰীৰ প্ৰতিষ্ঠান।