কৰ্তব্যৰত অৱস্থাত জনপ্ৰিয় ছবি শ্বোলেৰ সংলাপ আওৰাই শ’লঠেকত আৰক্ষী বিষয়া

WhatsApp Image 2020 11 16 at 1.55.44 PM

কল্যাণপুৰৰ পৰা ৫০-৫০ কিলোমিটাৰ পৰ্যন্ত যেতিয়া কোনো শিশুৱে কান্দে, মাকে তাক কয়, বেটা শুই যোৱা, ডাংগী আহি যাব।‘’ শ্বোলে চলচ্চিত্ৰৰ এই সংলাপ আওৰাই বিপদত পৰিলে মধ্য প্ৰদেশৰ এগৰাকী আৰক্ষী বিষয়া। চিনেমাৰ প্ৰতি থকা অত্যাধিক প্ৰেমৰ বাবে শ্ব’কজৰ সন্মুখীন হোৱা আৰক্ষী বিষয়াগৰাকীৰ চাকৰিক লৈ চলিছে এতিয়া টনাটনি।

ঘটনা অনুসৰি মধ্য প্ৰদেশৰ কল্যানপুৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কে এল ডাংগীয়ে সহযোগীসকলক লৈ কৰ’না পৰিস্থিতি পৰ্যবেক্ষণৰ বাবে বিভিন্ন অঞ্চললৈ যায়।

বিভিন্ন স্থানত তেওঁ সতৰ্কবানী দিয়ে যদিও তেওঁৰ আকৌ বাৰ্তা দিয়াৰ পদ্ধতি আছিল কিছু পৃথক । সম্পূৰ্ণ চলচ্চিত্ৰৰ ভংগীৰে কে এল ডাংগীয়ে সত্তৰৰ দশক পকা সাম্প্ৰতিক সময়লৈকে ব্লক ব্লাষ্টাৰ ‘শ্বোলে’ৰ সংলাপ ব্যৱহাৰ কৰা এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

ভিডিঅ’টোত ভিলেইন গব্বৰৰ ভূমিকাত অৱতীৰ্ণ হৈছিল আৰক্ষী বিষয়া ডাংগী ৷ জীপত লৈ যোৱা মাইকত তেওঁ কোৱা শুনা যায়,’’কল্যাণপুৰৰ পৰা ৫০-৫০ কিলোমিটাৰ পৰ্যন্ত যেতিয়া কোনো শিশুৱে কান্দে, মাকে তাক কয়, বেটা শুই যোৱা, ডাংগী আহি যাব।‘’

 

সামান্য ৰসিকতাৰ আশ্ৰয় লৈ বিষয়াগৰাকীয়েই হয়তো এনে সংলাপ কৈছিল। কিন্তু ছচিয়েল মিডিয়াত সেই ভিডিঅ’ ভাইৰেল হৈ পৰাত শীৰ্ষ আৰক্ষী বিষয়াৰ দৃষ্টিত পৰে। ফলত আৰক্ষী বিষয়া ডংগীৰ চাকৰিক লৈয়ো এতিয়া শংকাৰ সৃষ্টি হৈছে।

Exit mobile version