চিৰাঙৰ বিজনীত হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহ কৰে আছুৱে

WhatsApp Image 2020 11 16 at 7.30.53 PM

সংগঠনটোৱে আজি বিজনী আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ সন্মুখত নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰি বিজনীত নিৰ্বাচনী প্ৰচাৰৰ বাবে অহা মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিমূৰ্তি দাহ কৰি প্ৰতিবাদ সাব‍্যস্ত কৰে। প্ৰতিবাদকাৰি সকলে, ‘নাগৰিকত্ব সংশোধনী আইন আমি নামানো, হিমন্ত বিশ্ব মূৰ্দাবাদ, ৰঞ্জিত দাস মুৰ্দাবাদ, বিজেপি গো বেক’ আদি শ্লোগান দি পৰিবেশ উত্তাল কৰি তোলে।

ADVERTISEMENT

আছুৰ সভাপতি ৰূপম দাসে মন্ত্ৰী ড° শৰ্মাক দলাৰ বগৰী সদৃশ নেতা বুলি কয় । হত‍্যাকাৰী চৰকাৰ বুলিও কয় । তেওঁ কয়, ‘এই চৰকাৰে কাৰ নামত পাঁচজনকৈ নিৰীহ লোকক হত‍্যা কৰিলে । অসমত সাম্প্ৰদায়িক ৰাজনীতি কৰি এতিয়া বিটিচিত আহিছে । আমি বিটিচিত সাম্প্ৰদায়িক ৰাজনীতি কৰিব নিদিওঁ গতিকে আমি বিজেপিক পুলিয়ে পোখাই উভালিম।’

মন্ত্ৰী ড° শৰ্মাৰ নিৰ্ব্বাচনী সভাৰ সময়ত বিজনীত আছুয়ে তেওঁৰ প্ৰতিমুৰ্তি দাহ কৰি প্ৰতিবাদ জনায়। আছুয়ে কয় মন্ত্ৰী ড° শৰ্মাই আছুক ভয় কৰি আজি হেলিকপ্টাৰেৰে আহি নিৰ্ব্বাচনী সভাত অংশগ্ৰহণ কৰিবলগীয়া হৈছে ।

Exit mobile version