ক’ভিডৰ কামোৰ আৰু দীৰ্ঘ তলাবন্ধৰ বাবে অসংখ্য মানুহে কাম হেৰুৱাইছে । শেহতীয়াকৈ কল-কাৰখানা, অফিচ-কাছাৰীৰ দুৱাৰ খোল খাইছে যদিও চলিত বছৰত চাকৰি হেৰুওৱা লোকৰ তুলনাত চাকৰি পোৱা লোকৰ সংখ্যা অতি নগন্য । তৎসত্ত্বেও বছৰৰ আৰম্ভণিতে নিবনুৱাৰ হাৰ যি আছিল, বিগত দুমাহত সেয়া নামি আহিছে ।
অৰ্থাৎ, দেশত এতিয়া নিবনুৱাৰ সংখ্যা যথেষ্ট হ্ৰাস পাইছে । অন্তত পৰিসংখ্যাই এই দাবীয়েই কৰিছে । কেন্দ্ৰীয় চৰকাৰৰ উপদেষ্টা চিএমআইইৰ শেহতীয়া হিচাপ অনুসৰি, দেশত এতিয়া কৰ্মহীন লোকৰ অনুপাত তলাবন্ধৰ আৰম্ভণিৰ আগতকৈও কম । অৱশ্যে বিশেষজ্ঞৰ মতে, পেতৰ দায়ত পৰি যোগ্যতা আৰু পৰিশ্ৰমিকৰ স’তে আপোচ কৰি কাম কৰিবলৈ বাধ্য হোৱা তথা হতাশ হৈ বহুতে কামৰ বজাৰখনৰ পৰাই আঁতৰি যোৱাটোৱেই ইয়াৰ মূল কাৰণ ।
উন্নত বিশ্বত নিবনুৱাৰ পৰিসংখ্যা বেছিকৈ নিৰ্ভৰশীল প্ৰধানকৈ তিনিটা কাৰণত – প্ৰথম, য’ত কৰ্মীসকলৰ বৃহৎ অংশই কাম সংগঠিত ক্ষেত্ৰত । ফলত তথ্য সংগ্ৰহ কৰাটো সুবিধাজনক । দ্বিতীয়, নিবনুৱা ভাট্টাৰ বাবে আবেদনকাৰীৰ সংখ্যাৰ পৰা ইংগিত পোৱা যায় কিমানজনৰ চাকৰি গৈছে ।
তৃতীয়তে, এই নিবনুৱা ভাট্টাৰ কাৰণে এটা ন্যূনতম বেতন বা পাৰিশ্ৰমিক নোপোৱা পৰ্যন্ত বহুতে কামৰ বজাৰৰ ফালে ভৰিয়ে আগনবঢ়ায় । এই কথা জানিবলৈ দি দিল্লী স্কুল অৱ ইক’নমিক্সৰ অধ্যাপক দিব্যেন্দু মাইতিয়ে কয়, ‘কেৱল কৰ’না কালত নহয়, এই দেশত কাঋৰ বজাৰৰ আচল ছবিখন কেতিয়াও আিবনুৱাৰ হাৰত প্ৰতিফলিত নহয় । সেই সমস্যা অধিক বাঢ়িছে ক’ভিডৰ সময়ত ।
কাৰণ বহুতেই কেৱল সংসাৰ চলোৱাৰ তাগিদাতে এনে কামত যোগ দিবলৈ বাধ্য হৈছে, য’ত বেতন বা মজুৰি আগৰ তুলনাত কম । বহুতে আকৌ সংগঠিত ক্ষেত্ৰৰ নিৰ্ধাৰিত বেতনৰ চাকৰি হেৰুৱাই অসংগঠিত ক্ষেত্ৰৰ ঠিকা উা দিন-মজুৰিৰ দৰে কামত যোগ দিবলৈ বাধ্য হৈছে । অৰ্থাৎ, কাগজে-কলমে নিবনুৱাৰ সংখ্যা কমিলেও কিন্তু সেয়া কামৰ বজাৰৰ সুস্থিৰতা উভতি অহাৰ প্ৰমাণ নহয় ।
চৰকাৰী দাবী অনুসৰি, তলাবন্ধত কাম হেৰুৱাই গাঁৱলৈ উভতি অহা প্ৰব্ৰজিত শ্ৰমিকসকলৰ বহুতেই এতিয়া এশ দিনৰ কামত যোগ দিছে । আন বহুতৰে ভৰসা এতিয়া শেহতীয়াকৈ আৰম্ভ হোৱা প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ ৰোজগাৰ অভিযানত । ইয়াতেই শ্ৰমিক সংগঠনসমূহে প্ৰশ্ন কৰিছে যে এই শ্ৰমিকসকলে চহৰত যি মজুৰিৰ বিনিময়ত কাম কৰিছিল, গাঁৱত তাৰ সামান্য অংশও পাইছে নে নাই ? অৰ্থাৎ, সমীক্ষাৰ সময়ত প্ৰশ্ন কৰিলে তেওঁলোকে হয়তো নিজকে কৰ্মহীন বুলি কোৱা নাই, অথচ তেওঁলোকৰ উপাৰ্জনো একেবাৰে হ্ৰাস পাইছে ।
একে প্ৰশ্ন উত্থাপন কৰিছে দিল্লী স্কুল অৱ ইক’নমিক্সৰ অধ্যাপক আদিত্য ভট্টাচাৰ্যয়ো । তেওঁ কয়, ‘ক’ভিডৰ এই সময়ত কাৰখানাত মাহৰ মূৰত লভ কৰা নিৰ্ধাৰিত বেতনৰ চাকৰি ঘেৰুৱাই যদি কোনোবাই পেটৰ ক্ষুধা নিবিাৰণৰ বাবে দিন-মজুৰিৰ কাম কৰে । তেনেহলে ইয়াক গুণগত বা আৰ্থিক দিশৰ পৰা একেধৰণৰ বুলি জানো ভাবিব পাৰি ? কিন্তু কাগজে-কলমে সেই লোকজন আগতেও কৰ্মহীন নাছিল, এতিয়াও নাই ।’
আন এক উদাহৰণ দাঙি ধৰি তেওঁ কয় যে এটা পৰিয়ালৰ মূৰব্বীজনে মাহিলি ২০ হেজাৰ টকা বেতনৰ চাকৰি হেৰুওৱাৰ পাছত সংসাৰৰ জোৰা-টাপলি মাৰিবলৈ যদি এতিয়া তেওঁৰ পৰিয়ালৰ তিনিজনে মাটি কাটি মাহত পাঁচ-ছহেজাৰ টকাকৈ আয় কৰে, তেনেহ’লে কাম কৰা মানুহৰ মূৰ সংখ্যা একৰ পৰা বাঢ়ি তিনি হ’ব । কিন্তু মুঠ উপাৰ্জন হ্ৰাস পাব পৰিয়ালটোৰ ।
তলাবন্ধ আৰু ইয়াৰ পৰৱৰ্তী সময়ত হতাশ হৈ বহুতেই কামৰ বজাৰখনৰ পৰাই নিজক আঁতৰাই নিছে । চিএমআইইৰ পৰিসংখ্যা অনুসৰি, কেৱল অক্টোবৰতে এনে লোকৰ সংখ্যা প্ৰায় দুই কোটি । আইডিএছকেৰ অধ্যাপক শুভনীল চৌধুৰীয়ে কয়, ‘মুঠ কৰ্মক্ষম জনসংখ্যাৰ অনুপাতত কাম বিছৰা লোকৰ সংখ্যাই যদি হ্ৰাস পায়, সেয়া উদ্বেগজনক । বিগত কিছু মাহত সেয়াই ঘটিছে । কিন্তু নিবনুৱাৰ হিচাপ কৰাৰ সময়ত তেওঁলোকক গণ্য কৰা নহয় ।