বিহাৰত নতুন চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠান বৰ্জন তেজস্বী যাদৱৰ

WhatsApp Image 2020 11 16 at 3.10.56 PM 1

বিহাৰৰ নিৰ্বাচনত জয়ী হোৱাৰ পাছত JDU ৰ অধ্যক্ষ নীতিশ কুমাৰে আজি চতুৰ্থবাৰৰ কাৰণে মুখ্যমন্ত্ৰীৰূপে শপত ল’ব ৷এই সময়তে ৰাষ্ট্ৰীয় জনতা দল অৰ্থাৎ RJD য়ে কয় যে NDA সন্দৰ্ভত কটাক্ষ কৰি আজি নতুন চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠান বয়কট কৰাৰ সিদ্ধান্ত লয়। লগতে নিৰ্বাচনৰ সকলো ফলাফল অস্পষ্ট বুলি অভিযোগ কৰে RJD য়ে ৷

আজি পুৱা তেজস্বী যাদৱৰ দল RJD য়ে টুইট কৰে যে “RJD য়ে হাতৰ পুতলা চৰকাৰৰ শপত গ্ৰহণ সমাৰোহক বৰ্জন কৰিছে । কাৰণ এই চৰকাৰে “জনাদেশ”ক “শাসনাদেশ”লৈ ৰূপান্তৰিত কৰিলে। “লগতে টুইটাৰত তেজস্বীয়ে লিখে “বিহাৰৰ নিবনুৱা,কৃষক,ছাত্ৰ,যুৱকসকলৰ ওপৰত কেনেকুৱা প্ৰভাৱ পৰিছে এবাৰ ভাবি চাইছেনে? নিৰ্বাচনী ফলাফলত কোনো স্পষ্টতা নাই। আমি জনপ্ৰতিনিধি আৰু আমি জনসাধাৰণৰ লগত আছো।”

উল্লেখযোগ্য যে আজি চতুৰ্থবাৰ কাৰণে  বিহাৰৰ মুখ্যমন্ত্ৰীৰূপে শপত ল’ব JDU ৰ অধ্যক্ষ নীতিশ কুমাৰে ।এক বিশেষ সূত্ৰৰ মত অনুসৰি বিজেপিৰ ওচৰত দুটা উপমুখ্যমন্ত্ৰীৰ পদ থাকিব ৷ ইয়াৰ লগতে বিধানসভাৰ অধ্যক্ষও হ’ব বিজেপিয়ে ।আনহাতে বিজেপিৰ তাৰকিশোৰ প্ৰসাদ হ’ব বিহাৰৰ উপ মুখ্যমন্ত্ৰী ৷আৰু সুশীল মোডীক কেন্দ্ৰীয় মন্ত্ৰী পৰিষদত স্থান দিয়া হ’ব।

ইপিনে নীতিশ কুমাৰক NDA ৰ নেতা হিচাপে নিৰ্বাচিত কৰাৰ পাছত তেওঁ মুখ্যমন্ত্ৰী হোৱাৰ পথ প্ৰশস্ত হ’ল ।বিহাৰৰ নতুন চৰকাৰৰ শপতগ্ৰহণ আজি বিয়লি চাৰে চাৰি বজাত অনুষ্ঠিত হ’ব ।নীতিশ কুমাৰ চতুৰ্থবাৰৰ কাৰণে মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব ৷

Exit mobile version