মই সভাপতি হৈ থাকোতে দুৰ্নীতিপৰায়ণ হাগ্ৰামাক বিজিপিত লৈ বিজেপিক নুডুবাও : ৰঞ্জিত দাস

WhatsApp Image 2020 11 16 at 6.00.05 PM

চিৰাং জিলাৰ ১৮ নং মানাস সেৰফাং পৰিষদীয় সমষ্টিৰ আনন্দ বজাৰ পথাৰত অনুষ্ঠিত বিজেপিৰ নিৰ্বাচনী সভাত আজি উপস্থিত থাকে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ৰাজ‍্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস সহ মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া । সভাত মন্ত্ৰী ড° হিমন্ত বিশ্বই কয় যে অসম কেবিনেটত লোৱা সিদ্ধান্ত অনুসৰি অহা ১৫ ডিচেম্বৰৰ ভিতৰত বিটিচি নিৰ্বাচনৰ সকলো কাম শেষ কৰিব অৰ্থাৎ ভোটগ্ৰহণ আৰু ভোট গণনা শেষ হ’ব ১৫ ডিচেম্বৰৰ পূৰ্বে।

তেওঁ লগতে কয় যে বিটিচিত বিজেপিৰ হাত থকা বাবেই ইমান দিনে হাগ্ৰামাই ৰাজত্ব কৰিব পাৰিলে । ইয়াত সকলো বিপিএফৰ কথা মতেই চলিল আৰু যিমান পাৰো বিপিএফক সহায় কৰিলো । কিন্তু খবৰ লৈ জানিব পাৰিলো যে ইয়াত ভূমি সংক্ৰান্তীয় বহু খেলি-মেলি আছে অৰ্থাৎ মাটি কিনা-বেচাত অসুবিধা, ভূমিপট্টা প্ৰদান কৰা নাই বিপিএফে । সেয়ে আমি ইয়াত আহিব লগীয়া হ’ল । সাধাৰণ মানুহক ইমান অত্যাচাৰ হোৱাটো আমি নিবিচাৰো । সেয়ে আমি এইবাৰ বিটিচি গঠন কৰিম । আমি বিটিচি গঠনৰ পিছতে ১৫ দিনৰ ভিতৰত ভূমি সংক্ৰান্তীয় কাম শেষ কৰিম বুলিও কয় শৰ্মাই । ইয়াৰ উপৰিও হাগ্ৰামাক কটাক্ষ কৰি প্ৰধান মন্ত্ৰী আবাস যোজনাৰ নামত বিপিএফে দুৰ্নীতি কৰা বুলিও অভিযোগ কৰে ।

ইপিনে, বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে সভাত উপস্থিত হৈ কয় যে এইবাৰ বিটিচিত বিজেপিৰ চৰকাৰ হ’ব সেয়া খাটাং। উগ্ৰপন্থী মুক্ত বিটিচি গঢ়াটো বিজেপিৰ কৃতিত্ব । বিটিচি বাসী ৰাইজে আমাক আশীৰ্বাদ দিব। আমাৰ লগত ৰাইজ আছে । সেয়ে আমি কাৰো স’তে মিত্ৰতা কৰা নাই। বিগত সময়ত আমি কিছু সাধাৰণ ভুলৰ বাবে হাৰিছিলো ।

বিটিচিৰ মুখ্য কোন হ’ব সেই বিষয়ে কোনো চূড়ান্ত সিদ্ধান্ত হোৱা নাই যদিও বড়ো প্ৰধান লোকেই বিটিচিৰ মুখ্য হ’ব এই সন্দৰ্ভত কয় ৰঞ্জিত দাসে । মই সভাপতি হৈ থকা অৱস্থাত দুৰ্নীতি পৰায়ণ হাগ্ৰামা মহিলাৰীক বিজেপিত নলঁও বুলি স্পষ্ট কৰে ৰঞ্জিত দাসে । তেওঁ লগতে কয় যে হাগ্ৰামা মহিলাৰীক লৈ আমি বিজেপিক নুডুবাও । ৰাইজৰ দল, অজিত ভূঞাৰ দল বা নৱ শৰণীয়াৰ দলৰ বিষয়ে ৰাইজে যদি ৯৯ শতাংশ লোকে ক’ব পাৰে মই সভাপতিৰ পদ এৰি যাম বুলি প্ৰত্যাহ্বান জনায় ৰঞ্জিত দাসে।

আনহাতে, বিজেপিৰ সৰ্বভাৰতীয় সাধাৰণ সম্পাদক তথা মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ জনে কয় যে বিটিচিত এইবাৰ তিনিতৰপীয়া চৰকাৰ হ’ব । কেন্দ্ৰত বিজেপি, ৰাজ্যত বিজেপি আৰু বিটিচিতো বিজেপি হ’ব বুলি দাবী কৰে সাংসদ গৰাকীয়ে ।

Exit mobile version