শালবাৰীত মহকুমা প্ৰশাসনৰ উদ্যোগত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন

32c5911f eb2b 418d 98a9 e86f4682aa34

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে আজি বাক্সা জিলাৰ শালবাৰী মহকুমা প্ৰশাসনৰ উদ্যোগতো ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন কৰা হয়৷ প্ৰেছ দিৱসৰ উদ্দেশ্য ব্যাখ্যা কৰে শালবাৰী মহকুমাধিপতি নিত্য বিনোদ ওৱাৰীয়ে৷

শালবাৰী মহকুমাৰ ভিন্ন প্ৰান্তৰ সাংবাদিক-সংবাদকৰ্মীসকলক লৈ গঠন কৰা শালবাৰী মহকুমা সাংবাদিক সন্থাৰ বিষয়ববীয়া-সদস্যসকলৰ উপস্থিতিত জনসংযোগ বিভাগৰ সহযোগত উদযাপন কৰা প্ৰেছ দিৱসত সংবাদকৰ্মীসকলৰ সৈতে এক সভাও অনুষ্ঠিত হৈ যায়৷শালবাৰী মহকুমাধিপতি নিত্য বিনোদ ওৱাৰীয়ে আঁত ধৰা সভাখনত শালবাৰীৰ সাউদৰ ভিঠা নিবাসী জ্যেষ্ঠ সাংবাদিক-সাহিত্যিক গণেশ চন্দ্ৰ নাথে আজিৰ পৰা পঞ্চলিশ বছৰ আগৰ পৰাই কেনেদৰে সংবাদসেৱাৰ সৈতে জড়িত হৈ পৰিছিল,সংবাদকৰ্মীৰ দ্বায়িত্ব,কৰ্তব্য,উদ্দেশ্য,লক্ষ্য আদিৰ বিষয়ে বক্তব্য ৰাখি সাংবাদিকতা জীৱনত পোৱা অভিজ্ঞতাৰ কথাও আলোকপাত কৰে ৷

এই সভাত শালবাৰী মহকুমা সাংবাদিক সন্থাৰ ফালৰ পৰা সভাপতি ৰূপক দাস,সম্পাদক লৱ কুমাৰ দাসে বক্তব্য ৰখা সভাখনত সংবাকৰ্মী শিৱেন ডেকা,নিপু বায়ন,অমল দাস,আমীৰ আলী,মানৱ কলিতা,কৃষ্ণকান্ত সূত্ৰধৰ,পবিত্ৰ মণ্ডল আদি উপস্থিত থাকে ৷ সভাত সহকাৰী আয়ুক্ত প্ৰভাত পেগু,জনসংযোগ বিভাগৰ সুকুমাৰ মছাহাৰীকে ধৰি ভালেকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷

Exit mobile version