চন্দন ব্ৰহ্মই অসম চৰকাৰৰ পৰা দৈজিং উৎসৱৰ নামত ১৫ কোটি টকা লৈ মদ জুৱাৰ আড্ডা চলাইছিলঃ হিমন্ত বিশ্ব শৰ্মা

Screenshot 2020 11 17 23 02 58 21

চিৰাঙৰ বিজনীৰ বিদ‍্যাপিঠ খেলপথাৰত বিজেপিৰ বিশাল নিৰ্বাচনী জনসভা অনুষ্ঠিত হয় ৷ সভাত উপস্থিত হৈ মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে আজি নিৰ্বাচন আয়োগে বিটিচিৰ পৰিষদীয় নিৰ্বাচনৰ দিন ঘোষণা কৰিলে । দুটা পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া এই নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন ৭ ডিচেম্বৰ ওদালগুৰি আৰু বাক্সা জিলা আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন ১০ ডিচেম্বৰ চিৰাং আৰু কোকৰাঝাৰ জিলাত অনুষ্ঠিত হ’ব। আনহাতে ভোট গণনা হ’ব অহা ১২ ডিচেম্বৰত ৷

মন্ত্ৰী ড° শৰ্মাই মিত্ৰ দল বিপিএফক কটাক্ষ কৰি কয় ” আমি বিগত সময়ছোৱাত বিটিচিৰ উন্নয়নৰ বাবে সকলো প্ৰকাৰেই সহায় সহযোগিতা কৰিলো । প্ৰতিবছৰে কোটি কোটি টকা দিয়া হ’ল বিটিচিলৈ । কিন্তু সেই অনুসৰি ক’ত কি উন্নয়ন হ’ল  ? যোৱা তিনিটা বছৰৰ পৰা ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক কৈ আছিল বিটিচিৰ লোক কিদৰে বসবাস কৰি আছে সেয়া জনাৰ দৰকাৰ । গতিকে এতিয়া আমি বিটিচিত সোমাই সকলো জানিব পাৰিলো । বিপিএফ দলে কেন্দ্ৰীয় চৰকাৰৰ পৰা বছৰেকত কোটি কোটি টকা লৈ কি কৰিলে তাৰ কোনো হিচাপ নাই ।”

“বাট পথৰ কামকে আদি কৰি সকলো আঁচনিৰ ধন আমি দিব লগীয়া হৈছে কিন্ত বিটিচিলৈ অহা ধনেৰে কি কৰিলে ? সকলো ক্ষেত্ৰতে বিপিএফক টকা দিব লাগে টকা নিদিলে কোনো কামেই নহয় । কেন্দ্ৰী তথা ৰাজ্য চৰকাৰৰ আঁচনিৰ নামতো উৎকোচ দিব লাগে ৷ বিপিএফক সেয়ে মই মেকুৰী পাৰ্টী নাম দিছো”এই মন্তব্য মন্ত্ৰী ড° শৰ্মাৰ ৷ গতিকে আৰু মেকুৰীক ভোট নিদিও ৰাইজ । হাগ্ৰামাৰ দুৰ্নীতিৰ ভিচিডিচি ডাণ্ডা মাৰি খেদিব লাগিব আৰু অহা ২০ বা ২২ তাৰিখে বিটিচিলৈ অহা টকাৰ হিচাপ দিম বুলিও কয় হিমন্তই ।

লগতে মন্ত্ৰী ড° শৰ্মাৰ মন্তব্য, “সকলো টকাৰ হিচাপ দিব লাগিব । এইবাৰ নিৰ্ব্বাচনত ৰাইজে হিচাপ বিচাৰি জবাব দিব বিপিএফক । হাগ্ৰামাই কয় হিমন্ত আৰু ৰঞ্জিত দাসক বিটিচিত সোমাব দিব নালাগে । এই বিটিচি তেওঁৰ বাবাৰ বিটিচি নেকি ? বিটিচি ভাৰতৰ,বিটিচি অসমৰ । ইয়াত সকলোৰে অধিকাৰ আছে আৰু থাকিব। আজি কি অৱস্থা । চন্দন ব্ৰহ্মই দৈজিং উৎসৱ পাতিলে । মই দিনত আহিলো, হেলিকপ্টাৰ দেখিলো , নাচ গান দেখিলো । নিশা ঘৰত গৈ চাও মদ আৰু জুৱাৰ আড্ডা পাতিছে চন্দনে। দৈজিং পাতিবলৈ অসম চৰকাৰে ১৫ কোটি টকা দিছিল বুলি স্পষ্ট ভাৱে কয় বিত্ত মন্ত্ৰী হিমন্তই। এই ১৫ কোটি টকাৰে চন্দন ব্ৰহ্মই দৈজিং পতা নাই মদ আৰু জুৱাৰ আড্ডা পাতিছে বুলি কয় হিমন্তই।

আমাৰ ডেকাচামৰ জীৱন এটা এটাকৈ ধ্বংস কৰি আছে । পঢ়িশুনি বিটিচিত কি হ’ব বিটিচিত ল’ৰা ছোৱালীয়ে মেধাৰ ভিত্তিত চাকৰি নাপায়। হাগ্ৰামাৰ পকেটত থকা তালিকা মতেহে চাকৰি হয় বুলি কয় মন্ত্ৰীজনে । হাগ্ৰামাৰ পকেটৰ তালিকা মতে নচলিব এতিয়াৰ পৰা । বিজেপিয়ে সকলো ঠিক কৰিব । এতিয়া কিছু দল সংগঠনে হিমন্তৰ মিটিঙত যাব নালাগে বুলি বাধা দিয়ে । কিন্তু হাগ্ৰামাৰ দালালি কিয় কৰিছে । কা বিৰোধে আন্দোলনত বাঙালিসকলৰ লগত আমিহে আছিলো বুলি কয় । আজি নিৰ্বাচনত হাগ্ৰামাই টকা দিলে লওঁক ভোট বিজেপিক দিয়ক বুলি কয় হিমন্তই । কাৰণ ৰাইজৰ টকাহে দুৰ্নীতিৰে পকেটত সুমুৱাইছিল হাগ্ৰামা-চন্দনে। সেই টকা ৰাইজৰ সেয়ে লওক ।

অহাবাৰ বিজনী বিধান সভাতো বিজেপিয়ে দখল কৰিব। বিটিচিৰ পৰিৱৰ্তনৰ বাবে আমি কাৰো সৈতে মিত্ৰতা নকৰো । আমাৰ চৰকাৰে বিটিআৰ চুক্তি কৰিলে ইয়াৰ দ্বাৰা বিটিচিৰ পৰা ৰাইজে বিচাৰিলে গাঁও কৰ্তন আৰু অন্তৰ্ভুক্তি হ’ব। অসমত কোনো বিভাজন নহ’ব । একেখন অসমত সকলোৱে থাকিব লাগিব এই চুক্তিমতে । বিটিচি চুক্তিৰে চন্দন ব্ৰহ্মই যধে মধে গাঁও সুমুৱাইছিল সেই কাম এতিয়া আৰু কৰিব নোৱাৰিব । আজি বিপিএফে আৰক্ষীক ব্যৱহাৰ কৰে । হাগ্ৰামা – চন্দনে পুলিচৰ ভয় দেখুৱাব নোৱাৰিব। ৰাইজৰ লগতহে পুলিচ থাকিব লাগিব। যোৱাবাৰ বিপিএফৰ এমচিএলএ জয়ী নোহোৱা বাবে আমাৰ এক মাত্ৰ বিজেপিৰ এমচিএলএ নাগ্ৰীজুলিৰ পৰা জয়ী হ’ল যদিও কোনো ক্ষমতা নিদিলে তেওঁক । এই মন্তব্য মন্ত্ৰী ড° শৰ্মাৰ।

ৰাজনৈতিকভাৱে বহুতে বহু কথা কয় আমি কাকো হত্যা কৰাৰ কথা ভাবিব নোৱাৰো । কিন্ত বিটিচিত ৰাজনৈতিক হত্যা হয় । ৰাইজক বিপিএফে ন্যায় নিদিলে । বিপিএফ সকলোৰে শত্ৰু । ৰাজনৈতিক হত্যা কৰা হ’ল লাফিকুলক । আমি এইবাৰ চিবিআইক অনুৰোধ কৰিছো লাফিকুল হত্যাৰ সকলো ৰাজহুৱা কৰাৰ বাবে । যাতে সকলোৱে গম পায় লাফিকুলৰ হত্যাকাৰী বিটিচি নিৰ্বাচনৰ দুমাহৰ ভিতৰত প্ৰকাশ কৰাৰ বাবে । বিটিচিত ৰাজনৈতিক হত্যাৰ তথ্য পোহৰলৈ আহক বুলি কয় হিমন্তই । আমি কিছু কথা ৰাজনীতিৰ উৰ্ধত গৈ চিন্তা কৰোঁ । হাগ্ৰামাক ভয় কৰাৰ দিন গ’ল । ৰামো নাই অযোধ্যাও নাই । আপোনালোকে সাহসেৰে নিজৰ পছন্দৰ লোকক ভোট দিব পাৰিব বুলি কয় মন্ত্ৰী হিমন্তই ।

সভাত ৰাজ্যিক বিজেপিৰ সভাপতিজনেও নিজৰ ভাষণত বিপিএফ দলক কঠোৰ সমালোচনা কৰে । তেওঁ কয় যে বিপিএফৰ সৈতে আৰু কোনো মিত্ৰতা নহয় । বিধান সভা নিৰ্বাচনতো বিজেপি দলে অকলেই নিৰ্ব্ৱাচনত প্ৰতিদন্দিতা কৰিব।

বিটিচি নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে সিমানেই আৰম্ভ হৈছে প্ৰতিটো ৰাজনৈতিক দলৰে নিৰ্বাচনী কুচকাৱাজ। এই বাৰ বিটিচি নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীয়ে বিটিচিত চৰকাৰ গঠন কৰাৰ উদ্দেশ্যত বিজেপি দলে টঙালি বান্ধিছে। আজি বিজনী বিদ্যাপীঠ খেল পথাৰত ১৯ নং থুৰিবাড়ীৰ পৰিষদীয় সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী অভিৰাম মহানায়কৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে মন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই। লগতে উপস্থিত থাকে বিজেপি দলৰ অসমৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস,সাংসদ তথা ৰাষ্ট্ৰিয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া , সাংসদ তথা ৰাজ্যিক সাধাৰণ সম্পাদক পল্লব লোচন দাস , আক্ৰাছুৰ প্ৰাক্তন সভাপতি তথা কোচ ৰাজবংশী জাতীয়া মহাসভাৰ সাধাৰণ সম্পাদক বিশ্বজিৎ ৰায়, ১৯ নং থুৰিবাড়ী পৰিষদীয় সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী অভিৰাম মহানায়ক আৰু বিজেপি দলৰ বিজনীৰ কৰ্মকৰ্তাসকল।আজিৰ এই বিজেপি দলৰ জনসভাত ভাৰতীয় গণ পৰিষদ দলৰ পৰা অহা অজয় ৰায়ৰ নেতৃত্তত প্ৰায় এশ জন মানুহ লৈ বিজেপি দলত যোগদান কৰে ।

Exit mobile version