ডিজিটেল মিডিয়াত বিদেশী বিনিয়োগ হ্ৰাস কৰিবলৈ তৎপৰ কেন্দ্ৰীয় চৰকাৰ

digital

160910389

ডিজিটেল মিডিয়াত বিদেশী বিনিয়োগ হ্ৰাস কৰিবলৈ তৎপৰ হৈ পৰিছে কেন্দ্ৰীয় চৰকাৰ। যিসমূহ ডিজিটেল মিডিয়া সংস্থাত বিদেশী বিনিয়োগ ২৬শতাংশৰ অধিক আছে সেইসমূহক এবছৰৰ ভিতৰত হ্ৰাস কৰিবলৈ কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰ্যালয়ে নিৰ্দেশনা জাৰি কৰিছে।

বিদেশী বিনিয়োগৰ পৰিমাণ ২৬শতাংশতকৈ হ্ৰাস কৰাৰ বাবে যাবতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ ২০২১ৰ ১৫ অক্টোবৰ সময়সীমা নিৰ্দ্ধাৰণ কৰা হৈছে ৷

লগতে ডিজিটেল মিডিয়া সংস্থাসমূহে তেওঁলোকৰ অংশীদাৰিত্বৰ নিয়মাৱলী এমাহৰ ভিতৰত সবিশেষ জনাব লাগিব।

আনহাতে সংস্থাৰ সঞ্চালক, প্ৰম’টাৰ তথা অংশীদাৰীসকলৰ সম্পৰ্কতো বিতং তথ্য দাখিল কৰিবলৈ মন্ত্ৰণালয়ে দাবী কৰিছে।

উল্লেখযোগ্য যে ডিজিটেল মিডিয়া সংস্থাসমূহে বিদেশী বিনিয়োগকাৰীসকলৰ সম্পৰ্কে সুৰক্ষামূলক ৰেহাইৰ বাবে অনুমতি পত্ৰ লোৱাটো বাধ্যতামূলক।

Exit mobile version