পেট্ৰ’লিং দিবলৈ আহোঁতেই মহানগৰীত গ্ৰেপ্তাৰ ভুৱা আৰ্মী

WhatsApp Image 2020 11 17 at 2.29.51 PM

মহানগৰীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰৰ সমীপৰ পৰা ১১ জনকৈ ভুৱা আৰ্মী জোৱান গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে । ভুৱা আৰ্মী জোৱান কেইজনে বৰঝাৰ বিমানবন্দৰত পেট্ৰলিং দিবলৈ অহা অৱস্থাত MES ৰ পৰা গ্ৰেপ্তাৰ কৰে । আনহাতে, মূল খলনায়ক ধিমন গোস্বামীৰ নেতৃত্বত দলটোৱে পেট্ৰলিং দিবলৈ আহিছিল ৷

গ্ৰেপ্তাৰ পৰা লোক কেইজনৰ পৰা আৰক্ষীয়ে ভুৱা পৰিচয় পত্ৰৰ লগতে আন বহু সামগ্ৰী জব্দ কৰে৷ইতিমধ্যে আৰক্ষীয়ে আজৰা আৰক্ষী থানাত Case No 691/2020 u/s 140/120(B)/121(A)/260/262/419/468/471ত পঞ্জীয়ন কৰিছে ৷আৰু আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ৷আনহাতে ধৃত আৰ্মী কেইজন ক্ৰমে ধিমন কৃষ্ণ গোস্বামী(বাইহাটা চাৰিআলি), কৌশিক ভূঞা (বৰপেটা), জ্ঞানন্দ দাস (নলবাৰী), গণেশ দাস,(বৰপেটা), নয়ন জ্যোতি গৌতম (নলবাৰী), জয়মণি শৰ্মা (নলবাৰী), বিজয় মণি শৰ্মা(নলবাৰী), দ্বিজেন শৰ্মা(নলবাৰী), ৰূপম শৰ্মা(বৰপেটা), সৌৰভ শৰ্মা(বাইহাটা চাৰিআলি), ৰিপুঞ্জয় গোস্বামী (বাইহাটা চাৰিআলি )৷

সৌৰভ শৰ্মা, ধিমন কৃষ্ণ, জয়মণি শৰ্মা, নয়নজ্যোতি গৌতম, বিজয় মনি শৰ্মা, দ্বিজেন শৰ্মা, ৰিপুঞ্জয় গোস্বামী, ৰূপম শৰ্মা,জ্ঞানন্দ দাস,কৌশিক ভূঞা । ভুৱা ৰ্আমী আটাইকেইজনৰে ঘৰ পাটাছাৰকুছি, বাইহাটা চাৰিআলি, নলবাৰী আৰু সৰ্থেবাৰীত ।

Exit mobile version