হেৰি প’টাৰৰ ঝাৰু দণ্ডৰ দৰেই ব্ৰুমষ্টিক স্কুটাৰ

19dcc2a6 667e 4442 adf1 b02348356d5d

হেৰি প’টাৰৰ জগতৰ দৰেই এক ঘটনা ঘটি গ’ল ব্ৰাজিলৰ চাও পাওল’ত । কল্পনা যেন লগা ঝাৰু দণ্ডৰ ওপৰত বহি দুজনকৈ লোকে পৰিক্ৰমা কৰিলে দক্ষিণ আমেৰিকাৰ চহৰখনত । উল্লেখ্য যে হেৰি প’টাৰৰ জগতত ঝাৰু দণ্ডৰ ওপৰত বহি ঘূৰি ফুৰাৰ দৃশ্যৰ কম-বেছিভাৱে নতুন প্ৰজন্মৰ অধিক সংখ্যকেই পৰিচিত । হেৰি প’টাৰৰ পৰা অণুপ্ৰাণিত হৈয়ে ব্ৰাজিলৰ ৪০ বছৰ বয়সীয়া ভিনিচিয়াছ চেস্কটাচ আৰু ২৮ বছৰ বয়সীয়া আলছান্দ্ৰো ৰুছু’ৱে চাও পাওল’ৰ ৰাজপথত একে কাম কৰি দেখুৱালে ।

দুয়োৱে ৰূপকথাৰ জগতৰ ঘটনাটোক বাস্তৱায়িত কৰিছে ‘ব্ৰুমষ্টিক স্কুটাৰ’ নাম দিয়া বাহনখনৰে । ক’বলৈ গ’লে দুয়োৱে লগ লাগি এক অসাধ্যকে সাধন কৰিলে । হেৰি প’টাৰৰ দৰে স্বৰ্গ-পাতালত ভ্ৰমণ কৰিব নোৱাৰিলেও মৰ্ত্যত ভ্ৰমণ কৰি কিন্তু সকলোকে চমক দিবলৈ সক্ষম ঘৈছে । ঘটনাটো ইতিমধ্যে ছবি তথা ভিডিঅ’ৰ ৰূপত ছ’চিয়েল মিডিয়াত বিস্তাৰ লাভ কৰিছে । আজি কীৰ্তি-কলাপৰ বাবে দুয়ো প্ৰশংসাও বুটলিবলৈ সক্ষম হৈছে ।

ব্ৰুমষ্টিক স্কুটাৰখন সম্প্ৰতি চাও পাওল’ৰ চহৰবাসীৰ মাজত পৰিচিত হৈ পৰিছে । দেখিলে সকলোৰে হেৰি প’টাৰৰ ঝাৰু দণ্ডৰ ওপৰত বহি থকা যেনেই অনুভৱ কৰে । উদ্ভাৱনকাৰী দুজনৰ বহাৰ ধৰণটোও ঠিক হেৰি প’টাৰৰ দৰেই । স্কুটাৰখনত যন্ত্ৰৰ লগত এটি চকা সংলগ্ন হৈ আছে । যন্ত্ৰৰ শক্তিতেই চলে চকাটো । এনেদৰেই নিজৰ গন্তব্য স্থানলৈ আগবাঢ়ি যায় স্কুটাৰখন ।

ভিডিঅ’ত দেখিবলৈ পোৱা গৈছে ঝাৰুৰ সন্মুখৰ অংশটোৰে স্কুটাৰখনৰ নিয়ন্ত্ৰণ কৰা হয় । ঝাৰুৰ সন্মুখৰ অংশটোৰেই স্কুটাৰখনৰ গতিপথৰ পৰিৱৰ্তন কৰা হয় । ব্ৰুমষ্টিক স্কুটাৰে ঘণ্টাত সৰ্বোচ্চ ৬০ কিলোমিটাৰ পৰ্যন্ত গতি লাভ কৰিব পাৰে । ভিনিচিয়াছ আৰু আলছান্দ্ৰোৱে এই স্কুটাৰখনৰে কাৰ্যালয়লৈকো অহা-যোৱা কৰে ।

দুয়োৱে আশা কৰা অনুসৰি আগন্তুক দিনত হেৰি প’টাৰ ভক্তসকলে স্কুটাৰখনক লৈ অধিক উৎসাহ প্ৰদৰ্শন কৰিব । স্কুটাৰখনৰে দুয়োৱে ৰাজপথৰ যান-জঁট ফালি আগবাঢ়ি যোৱাৰ লগতে বৰ্তমানৰ কৰ’না কালত সামাজিক দূৰত্ব পালন কৰাটো সফল হৈছে ।

Exit mobile version