আমেৰিকাৰ নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি জ’ বাইডেনৰ লগত মতবিনিময় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

b6990bd9 b76b 4e19 87d2 11557425103d

শেহতীয়াকৈ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে জ’ বাইডেনক সদ্য ঘোষিত আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত বিজয়ী হোৱা জ’ বিডেনক ফোনযোগে শুভেচ্ছা জ্ঞাপন কৰে ৷লগতে ফোনযোগে হোৱা বাৰ্তালাপত দুয়োগৰাকী নেতাই ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত থকা দ্বিপাক্ষিক সহযোগিতাক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত সহমত পোষণ কৰে ৷

বাইডেনৰ লগত হোৱা বাৰ্তালাপৰ পাছত মোদীয়ে টুইট কৰে ‘ আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়ী হোৱা জ’ বাইডেনৰ লগত মত বিনিময়ত কৰি তেওঁক শুভেচ্ছা জ্ঞাপন কৰোঁ। লগতে আমি ক’ভিড-১৯ মহামাৰী, জলবায়ু পৰিৱৱৰ্তন, সন্ত্ৰাসবাদ দমন আৰু ইণ্ডো-পেচিফিক ৰিজিঅ’নত সহযোগিতাৰ বিষয়ে আলোচনা কৰো আৰু এই বিষয় সমূহক অগ্ৰাধিকাৰ দিয়াৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰো,’’

মোদীয়ে কয় “তেওঁৰ সফলতা ভাৰত আমেৰিকাৰ কাৰণে গৰ্ব আৰু প্ৰেৰণাৰ লক্ষ্য। এই সম্পৰ্কই ভাৰত আমেৰিকাৰ সম্পৰ্কক শক্তিশালী কৰিব ৷”

উল্লেখযোগ্য যে, আমেৰিকাৰ সদ্যঘোষিত ৰাষ্ট্ৰপতি নিৰ্বাচনত ডেম’ক্ৰেটিক দলৰ প্ৰাৰ্থী জ’ বাইডেনে ৰিপাব্লিকান দলৰ প্ৰাৰ্থী তথা বৰ্তমানৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক পৰাজিত কৰে।

Exit mobile version