দেশত কৰ্মসংস্থাপনৰ ভয়াৱহ চিত্ৰ,অক্টোবৰত জীৱিকা হেৰুৱাইছে ১৮ লাখ লোকে

WhatsApp Image 2020 11 18 at 2.08.54 PM

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে শেহতীয়াকৈ দাবী কৰিছিল যে কৰ’নাৰ পাছত দেশৰ আৰ্থিক অৱস্থাৰ গতি বৃদ্ধি পাইছে। কিন্তু বিত্তমন্ত্ৰীৰ এই মন্তব্যত পুনৰ প্ৰশ্নৰ সৃষ্টি হৈছে ৷এক বিশেষ সূত্ৰৰ মত অনুসৰি Employees’s Provident Fund Organisation অৰ্থাৎ EPFO ৰ লগত পঞ্জীয়নভূক্ত কোম্পানীৰ সংখ্যা ছেপ্টেম্বৰৰ তুলনাত অক্টোবৰত ৩০,০০০ পৰ্যন্ত হ্ৰাস পাইছে ।কেৱল এমাহতে শ্ৰমিকৰ সংখ্যা ১৮ লাখ হ্ৰাস পাইছে ৷এই সন্দৰ্ভত বিশেষজ্ঞসকলৰ মত যে বিগত মাহতকৈ কৰ্মচাৰী আৰু কোম্পানীৰ সংখ্যাত এই বৃহৎ বৈসাদৃশ্য দেখিবলৈ পোৱা গৈছে।

আনহাতে ব্যক্তিগত কোম্পানীৰ কৰ্মচাৰীসকলক ভৱিষ্যত নিধি আৰু তেওঁলোকৰ বেতনৰ পৰা ১২ শতাংশ ৰখা হয় । ইপিনে ছেপ্টেম্বৰৰ EPFOBত ধন জমা কৰা কৰ্মচাৰীৰ সংখ্যা হৈছেগৈ ৪ কোটি ৮ লাখ ৬০ হাজাৰ। অক্টোবৰত ইয়াৰ সংখ্যা ১৬ লাখ হ্ৰাস পায় হয়গৈ ৪ কোটি ৫৮ লাখ ২০ হাজাৰ। এনেদৰে এই সময়ত ৫ লাখ ৩৪ হাজাৰ ৬৯ টা পঞ্জীয়ন কৰা কোম্পানী আছিল ।অক্টোবৰত ইয়াৰ সংখ্যা ৫ লাখ ৪হাজাৰ ৪৪ লৈ হ্ৰাস হয়। এক কথাত ক’বলৈ গ’লে কোম্পানীৰ সংখ্যা ৩৬,৬০০ হ্ৰাস পায়।

কৰ’নাৰ কাৰণে মাৰ্চৰ অন্তিম সপ্তাহত সমগ্ৰ দেশত তলাবন্ধৰ ঘোষণা কৰা হৈছিল ।সেই সময়ত বহু শ্ৰমিক আৰু কোম্পানীৰ বৃহৎ সংখ্যক লোকচানৰ সন্মুখীন হৈছিল ।কিন্তু তলাবন্ধৰ পাছত আনলকৰ সময়ত আৰ্থিক অৱস্থাৰ লগতে কৰ্মসংস্থাপনৰ গ্ৰাফ বৃদ্ধি হৈছিল ।কিন্তু শেহতীয়াকৈ প্ৰকাশিত তথ্য সকলোকে আচৰিত কৰিছে ৷এই সন্দৰ্ভত এজন শীৰ্ষ বিষয়াৰ মত ” এই পৰিসংখ্যা আৰ্থিক অৱস্থাৰ সংকোচনৰ কাৰণে হ’ব পাৰে। “

Exit mobile version