পানীৰ তলত ছদিন

scuba diving 1

ছদিন ধৰি সাগৰৰ তলিত থাকি নতুন ইতিহাস গঢ়িবলৈ সক্ষম হৈছে ইজিপ্তৰ এজন ডুবাৰুৱে । সময়ৰ হিচাপত একেধাৰে ১৪৫ ঘণ্টা ৩০ মিনিট ধৰি ডুবাৰুজন পানীৰ তলতে আছিল । শুনিবলৈ আচৰিত যেন লাগিলেও কথাতো কিন্তু সঁচা ।

এই অসাধাৰণ কাম কৰি গিনিজ বিশ্ব অভিলেখত নাম অন্তৰ্ভুক্ত কৰিবলৈ তেওঁ নিজৰ নাম প্ৰেৰণ কৰিছে । এনে বিৰল কৃতিত্বৰ অধিকাৰীজন হৈছে ছাদ্দাম আল কিলানি । গিনিজ বিশ্ব অভিলেখত নাম অন্তৰ্ভুক্ত কৰিবলৈ প্ৰমাণ হিচাপে ভিডিঅ’, ছবি তথা প্ৰয়োজনীয় নথিও জমা দিয়া হৈছে । এতিয়া অপেক্ষা কৰা হৈছে গিনিজ বিশ্ব অভিলেখ কতৃপক্ষই স্বীকৃতি দিয়ালৈ ।

পানীৰ তলত থকাৰ নতুন অভিলেখ গঢ়িবলৈ যোৱা পাঁচ নৱেম্বৰত ছাদ্দামে লোহিত সাগৰৰ তলিলৈ নামে । তাৰ পাছত পাৰ হৈ যায় ছটাকৈ দিন । ১৫০ ঘণ্টা ধৰি পানীৰ তলত থকাৰ লক্ষ্য লৈ ছাদ্দামে সাগৰৰ তলিলৈ গৈছিল যদিও স্বাস্থ্যৰ অধিক অৱনতি ঘটাৰ আশংকাত চিকিৎসকৰ পৰামৰ্শত ওপৰলৈ তুলি অনা হয় । অৱশ্যে ঐলক্ষ্য স্পৰ্শ কৰিব নোৱাৰিলেও পানীৰ তলত সৰ্বাধিক থকাৰ অভিলেখ গঢ়িবলৈ সক্ষম হয় ছাদ্দামে । ইয়াৰ পূৰ্বে চাইপ্ৰাছৰ এজন ডুবাৰুৱে ২০১৬ত ১৪২ ঘণ্টা ৪৭ মিনিটলৈ একেধাৰে পানীৰ তলত থকাৰ অভিলেখ গঢ়িছিল ।

তেওঁৰ আাম আছিল কেম কাৰাবৰ । ছাদ্দামে ইয়াৰ পূৰ্বে ১২১ ঘণ্টা ধৰি একেৰাহে পানীৰ তলত থাকি অভিলেখ গঢ়িছিল । ছাদ্দামক এই অভিলেখ সময়লৈ পানীৰ তলত থকাৰ সহায় কৰে বিশেষজ্ঞ চিকিৎসকৰ দল এটিয়ে । তদুপৰি আন কে’বাজনো ডুবাৰুৱে কম সময়লৈ পানীৰ তলত থাকি ছাদ্দামক সহযোগ কৰিছিল । ছাদ্দামে পানীৰ তলত থকাৰ অৱস্থাৰ এটি ভিডিঅ’ও প্ৰেৰণ কৰে ।

এই ভিডিঅ’ দেখাৰ পাছত বিভিন্নজনৰ দ্বাৰা প্ৰশংসিত হৈছে ছাদ্দামে । উল্লেখ্য যে যোৱা ছেপ্টেম্বৰত প্ৰেমিকা পিয়া লেগুৰৰ লগত পানীৰ তলতে বাগদান পৰ্ব সম্পন্ন কৰিছিল ছাদ্দামে । যি ঘটনাই ছ’চিয়েল মিডিয়াত খলকনিৰ সৃষ্টি কৰিছিল ।

Exit mobile version