বিগত ২৪ ঘন্টাত দেশত মুঠ কৰ’নাত আক্ৰান্ত ৩৮,৬১৭ জন

WhatsApp Image 2020 11 18 at 11.08.48 AM

ভাৰত লগতে বিশ্বৰ প্ৰায় ১৮০ খন দেশত কৰ’না ভাইৰাছৰ সন্ত্ৰাস দেখা গৈছে। এতিয়ালৈকে প্ৰায় ৫.৫৬ কোটি লোক কৰ’না ভাইৰাছত আক্ৰান্ত হৈছে। আনহাতে ১৩.৩৭ লাখতকৈ অধিক লোক কৰ’না ভাইৰাছত মৃত্যু হৈছে। ভাৰততো ইতিমধ্যে কৰ’না ভাইৰাছত বহু লোক আক্ৰান্ত হৈছে ।ভাৰতত কৰ’নাত আক্ৰান্তৰ সংখ্যাই ৮৯ লাখৰ ঘৰ অতিক্ৰম কৰিলে ৷

স্বাস্থ্য মন্ত্ৰণালয়ৰ সমীক্ষা অনুসৰি দেশত কৰ’নাত আক্ৰান্ত হৈছে ৮৯,১২,৯০৭ জন লোক ।বিগত ২৪ ঘন্টাত দেশত কৰ’নাত আক্ৰান্ত হৈছে ৩৮,৬১৭ জন লোক ।সুস্থ হৈছে ৪৪,৭৩৯ জন। মৃত্যু হৈছে ৪৭৪ জন লোক। দেশত বৰ্তমান কৰ’নাত আক্ৰান্ত হৈ সুস্থ হৈছে ৮৩,৩৫,১০৯ জন। মৃত্যু হৈছে ১,৩০,৯৯৩ জন ।

আনহাতে কৰ’নাত এতিয়াও চিকিৎসাধীন হৈ আছে ।৪,৪৬,৮০৫ জন লোক। ইপিনে কৰ’নাত আক্ৰান্ত হৈ সুস্থ হৈছে ৪.১২শতাংশ ৷মৃত্যুৰ হাৰ ১.৪৬ শতাংশ ।উল্লেখযোগ্য যে দেশত কৰ’না পৰীক্ষাৰ সংখ্যাও প্ৰতিদিনে বৃদ্ধি পাইছে। দেশত ১৭নৱেম্বৰত ৯,৩৭,২৭৯ টা কৰ’নাৰ পৰীক্ষা কৰা হৈছে।দেশত মুঠ কৰ’নাৰ পৰীক্ষা হৈছে ১২,৭৪,৮০,১৮৬ ৷

Exit mobile version