বিটিএডিত শান্তি বিঘ্নিত কৰাৰ পৰিকল্পনা কৰিছে হিমন্তইঃ পিপুল্স জইন একশ্যন কমিটী

510fc329 8768 4ef3 b280 d1862c3fb45a

বিপিএফৰ শাসন কালত শান্তি আৰু উন্নয়নৰ গতি ত্বৰান্বিত হোৱাৰ সময়ত নেডাৰ আহ্বায়ক তথা মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই নিজৰ ৰাজনৈতিক মুনাফাৰ বাবে বিটিএডিত শান্তি বিঘ্নিত কৰাৰ পৰিকল্পনা কৰিছে। এই মন্তব্য পিপুল্স জইন একশ্যন কমিটী ফৰ বড়োলেণ্ড মুভমেন্টৰ মুখপাত্ৰ ধনেশ্বৰ বসুমতাৰীৰ। উল্লেখযোগ্য যে পিপুল্স জইন একশ্যন কমিটী ফৰ বড়োলেণ্ড মুভমেন্টৰ কেন্দ্ৰীয় কমিটীৰ নেতৃত্বই আজি শালবাৰীত আয়োজন কৰা সংবাদমেল এখনত সংগঠনটোৰ মুখপাত্ৰ গৰাকীয়ে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সোচ্চাৰ হৈ উঠে।

তেওঁ সংবাদমেলখন সম্বোধন কৰি কয়-“বিপিএফ নেতৃত্বাধীন হাগ্ৰামা মহিলাৰীৰ ১৭ বছৰীয়া শাসন কালত  বিটিচিৰ উন্নয়নৰ গতি ত্বৰান্বিত কৰাৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ লোকৰ মাজত একতা আৰু শান্তি প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। সেই বাবে পিপুল্স জইন একশ্যন কমিটী ফৰ বড়োলেণ্ড মুভমেন্টে অনুপ্ৰাণিত হৈ বিপিএফ দলক সমৰ্থন জনাইছে।

হাগ্ৰামা মহিলাৰীৰ প্ৰতি বিটিচিৰ বিভিন্ন জাতি জনগোষ্ঠীৰ লোকৰ আস্থা আছে। আমি বিটিচি বাসী ৰাইজে শান্তি আৰু সমন্বয়ৰে বসবাস কৰি থাকিব বিচাৰো। কিন্তু অসমৰ স্বাস্থ্য আৰু শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজনৈতিক মুনাফা আদায়ৰ বাবে হাগ্ৰামা মহিলাৰীক তুচ্ছ তাচ্ছিল্য কৰি বিটিএডিত বস বাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত বিভেদৰ বীজ সিঁচিবলৈ সাম্প্ৰদায়িক মন্তব্য দি ফুৰিছে। এজন শিক্ষামন্ত্ৰীৰ মুখৰ ভাষা এতিয়া বিটিচি বাসীৰ অসহ্যকৰ হৈ পৰিছে বুলিও তেওঁ মন্তব্য কৰে৷

সংবাদমেলখনত তেওঁ বিটিআৰ চুক্তি খন এতিয়া নিৰ্বাচনী ইস্তাহাৰ হৈ পৰিছে বুলিও মন্তব্য কৰি আৰু কয়, ইঞ্জিনিয়াৰিং কলেজ, মেডিকেল কলেজ আদি খোলাৰ বাবে এই চুক্তিখন কৰা হোৱা নাছিল। বিটিচিত শান্তি প্ৰতিষ্ঠাৰ বাবে এন ডি এফ বিয়ে অস্ত্ৰ সম্বৰণ কৰি জংঘলৰ পৰা ওলাই মূলসুঁতিলৈ উভতি আহিছে।

এই চুক্তি খন পুনৰীক্ষণৰ প্ৰয়োজন আছে বুলিও তেওঁ সংবাদমেল খনত মন্তব্য কৰে৷ সংবাদমেল খনত পিপুলচ জইন একশ্বন কমিটী ফৰ বড়োলেণ্ড মুভমেন্টৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক ৰমেশ স্বৰ্গীয়াৰীয়ে অংশ গ্ৰহণ কৰি কয়, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লাফিকুল ইছলামৰ হত্যা কাণ্ডক আজি ৰাজনৈতিক হত্যাকাণ্ড বুলি কৈ বিটিচিত বিজেপিয়ে চৰকাৰ গঠন কৰাৰ দুমাহৰ ভিতৰত দোষীক শাস্তি প্ৰদান কৰিব বুলি কৈছে। কিন্তু হিমন্ত বিশ্ব শৰ্মাই ইমান দিনে কি কৰি আছিল?

কংগ্ৰেছৰ শাসন কালত দহ বছৰ মন্ত্ৰী হৈ আৰু বিজেপিৰ শাসন কালতো মন্ত্ৰী হৈ ৰাজ্য চৰকাৰৰ সৰ্বেসৰ্বা হৈ আছে। তদুপৰি বিজেপিৰ শাসন কেন্দ্ৰ আৰু ৰাজ্যত চলি থকা সময়তো ইমান দিনে  কিয় এই ক্ষেত্ৰত একো পদক্ষেপ লোৱা নাছিল? তেওঁ বিটিচিৰ মানুহক কি বুৰ্বক বুলি ভাবিছে নেকি? গৃৃহ বিভাগৰ দায়িত্ব বিটিচিৰ হাতত নাথাকে সেই দায়িত্ব অসম চৰকাৰৰ হাতত থাকে বুলি বিটিচি বাসীয়ে ভাল ধৰণে জানে বুলিও তেওঁ কয়৷

পিপুল্স জইন একশ্যন কমিটী ফৰ বড়োলেণ্ড মুভমেন্টৰ কেন্দ্ৰীয় কমিটীৰ উপ মুুখ্য আহ্বায়ক বিনাৰাম বড়োই উদেশ্য ব্যাখ্যা কৰা সংবাদ মেলখনত সংগঠনটোৰ কেন্দ্ৰীয় আহ্বায়ক প্ৰমোদ বসুমতাৰীয়ে অংশ গ্ৰহণ কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰি কয়, হাগ্ৰামা মহিলাৰীক ‘চীফ’ নকয় কি ক’ব লাগিব জনাই দিলে ভাল আছিল। অসমৰ মুুুখ্যমন্ত্ৰীক কি কয় বাৰু?

মন্ত্ৰী জনে জনা উচিত ‘চীফ’ পদবীটো হাগ্ৰামাই নিজে লোৱা এটা উপাধি নহয়। ই এটা সাংবিধানিক পদবী। হিমন্ত বিশ্ব শৰ্মাক  শিক্ষা মন্ত্ৰী বুলি নকয় ধুৰন্ধৰ মন্ত্ৰী বুলি মাতিম নেকি বুলি তেওঁ প্ৰশ্ন কৰে। আজিৰ এই সংবাদমেল খনত সংগঠনটোৰ শালবাৰী জিলা কমিটীৰ সভাপতি ৰাজেন্দ্ৰ বসুমতাৰী, মুছলপুৰ জিলা কমিটীৰ সম্পাদক নৌনগৌমা ৰামচিয়াৰীকে ধৰি ভালে কেইগৰাকী নেতাই অংশ গ্ৰহণ কৰে৷

Exit mobile version