মন্ত্ৰীত্বৰ দায়িত্ব লোৱা তিনিদিন পাছত পদত্যাগ বিহাৰৰ শিক্ষামন্ত্ৰী মোৱালাল চৌধুৰীৰ

WhatsApp Image 2020 11 19 at 4.55.56 PM

পুনৰ চৰ্চালৈ আহিছে বিহাৰৰ নতুনকৈ গঠিত NDAৰ মহাজোঁটবন্ধন চৰকাৰ ৷কাৰণ বিহাৰ চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠানৰ পাছত মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ মন্ত্ৰীসভাৰ এজন নব নিযুক্তি মন্ত্ৰী চৰ্চাত আছিল ।কাৰণ বিভিন্ন দুৰ্নীতিৰ অভিযোগ থকা নেতা মেৱালাল চৌধুৰীক শিক্ষামন্ত্ৰীৰ দায়িত্ব দিছিল নীতিশ কুমাৰৰ মন্ত্ৰীসভাই। কিন্তু সকলোকে আচৰিত কৰি শিক্ষামন্ত্ৰী মেৱালাল চৌধুৰীয়ে পদত্যাগ কৰিছে ৷

উল্লেখযোগ্য যে মেৱালাল শিক্ষা মন্ত্ৰী হোৱাৰ পাছত বিহাৰ চৰকাৰ বহু সমালোচনাৰ সন্মুখীন হৈছিল ।আনহাতে এই সন্দৰ্ভত তেজস্বী যাদৱৰ নেতৃত্বত থকা ৰাষ্ট্ৰীয় জনতা দলে যথেষ্ট সমালোচনা কৰিছিল নতুনকৈ গঠন কৰা চৰকাৰক। কাৰণ ভাগলপুৰ কৃষি বিশ্ববিদ্যালয়ৰ অধ্যক্ষৰ পদত থাকোতে মেৱালালৰ বিৰুদ্ধে অধ্যক্ষ আৰু কনিষ্ঠ বৈজ্ঞানিকক বক্ৰ পথেৰে নিযুক্তি কৰাৰ অভিযোগ উঠিছিল ৷তেনে স্থলত এনে এজন দুৰ্নীতি অভিযোগ থকা ব্যক্তিক কেনেদৰে শিক্ষা মন্ত্ৰীৰ দৰে দায়িত্ব দিব ৷তাকে লৈ বিৰোধীয়ে বিৰোধিতা কৰিছিল।

অৱশ্যে এই সকলো অভিযোগক খণ্ডন কৰিছে মোৱালাল চৌধুৰীয়ে।

Exit mobile version